ভাৰতৰ নব নিযুক্ত মুখ্য ন্যায়াধীশৰ পৰা আমি কি আশা কৰোঁ?

যোৱা ৯ নৱেম্বৰৰ দিনা ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে ভাৰতৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন কেৱল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নহয়, তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ।যেতিয়া আমি ভাৰতৰ ৰাষ্ট্ৰপতি বুলি কওঁ, বা ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি কওঁ, আমি কি বুজোঁ? তেওঁ দেশৰ এটা মাত্ৰ অনুষ্ঠানৰ নহয়, সমগ্ৰ দেশখনৰে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী।ঠিক তেনেদৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন সমগ্ৰ দেশখনৰে মুখ্য ন্যায়াধীশ।তেওঁ ভাৰত চৰকাৰৰ মুখ্য ন্যায়াধীশ নহয়,তেওঁ দেশখনৰহে মুখ্য ন্যায়াধীশ।তাৰ বিপৰীতে যি কোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিজনক কিন্তু সেই ৰাজ্যখনৰ বিচাৰপতি বুলি কোৱা নহয়, তেওঁক  কেৱল সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি বুলিহে কোৱা হয়।

এই কথাটো আন্তৰ্জাতিক খ্যাতি সম্পন্ন ন্যায়বিদ ফলি এচ নাৰিমানে তেওঁৰ বিখ্যাত গ্ৰন্থ God Save The Hon’ble  Supreme Court নামৰ কিতাপখনত সুন্দৰকৈ ব্যাখ্যা কৰিছে।দেশৰ মুখ্য ন্যায়াধীশৰ পদটো ইমানেই গুৰুত্বপূৰ্ণ যে কেতিয়াবা যদি কিবা কাৰণে দেশত ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ পদ দুটা একে সময়তে খালি হয়, সেই সময়ত সেই দায়িত্ব ল’ব লাগে দেশৰ মুখ্য ন্যায়াধীশজনে।নাৰিমানে কিতাপখনৰ ১২৯ পৃষ্ঠাত উল্লেখ কৰিছে- “For over seventy years we have been working a Constitution that is federal in nature with allocated subjects of legislation separately and exclusively to the states and the Union; there is also a chapter on Fundamental Rights. And all laws and all executive actions inconsistent with these important features are expressly declared to be void.

Whenever a controversy arises then, some authority would have to be the final arbiter.Under the Indian Constitution,that arbiter is the country’s highest court,” “যোৱা সত্তৰ বছৰ ধৰি কাৰ্যকৰীহৈ থকা আমাৰ যুক্তৰাষ্ট্ৰীয় সংবিধানখনত কোনবোৰ বিষয় ৰাজ্য সমূহৰ আৰু কোনবোৰ বিষয় কেন্দ্ৰৰ  হাতত থাকিব তাক  সুনিৰ্দ্দিষ্টকৈ  উল্লেখ কৰা আছে। তাত ব্যক্তিৰ মৌলিক অধিকাৰৰ বিষয়েও এটা অধ্যায় সন্নিৱিষ্ট কৰা হৈছে।যিবোৰ আইন আৰু চৰকাৰী কামৰ সংবিধানৰ এই ঘোষিত উদ্দেশ্যৰ লগত মিল নাথাকে সেইবোৰ নিশ্চিতৰূপে অসংগত আৰু অবৈধ বুলি বিবেচিত হ’ব। আৰু এই সন্দৰ্ভত কেতিয়াবা কিবা বিতৰ্কৰ সৃষ্টি হ’লে তাত শেষ সিদ্ধান্ত দিয়াৰ কৰ্তৃত্ব কেৱল উচ্চতম ন্যায়ালয়ৰহে থাকিব।”

এইবোৰ কিমান তাৎপৰ্যপূৰ্ণ কথা! উচ্চতম ন্যায়ালয়ৰ কৰ্তব্য আৰু দায়িত্ব কিমান গুৰুত্বপূৰ্ণ! এই অনুষ্ঠানটোৰ মুৰব্বীৰ দায়িত্ব কি ভাবি চাওক।তেওঁৰ কাম হ’ল সকলো পৰিস্থিতিতে ভাৰতৰ সংবিধানখন আৰু তাত সন্নিৱিষ্ট প্ৰমূল্যসমূহ উৰ্দ্ধত তুলি ধৰা আৰু দেশখনৰ সকলো নাগৰিকক আইনৰ দৃষ্টিত সমান জ্ঞান কৰা। এইখিনিতে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে শপত গ্ৰহণ কৰাৰ ঠিক পিছতে কৰা মন্তব্যটো গুৰুত্বপূৰ্ণ। তেওঁ কৈছিলঃ  Serving common people is my priority. Please look forward, I will work for all the citizens of the country. Be it in technology or be it in registry…or be it in judicial reforms, I will take care of citizens in every aspect,” “সাধাৰণ মানুহলৈ সেৱা আগবঢ়োৱাটোই হ’ব মোৰ অগ্ৰাধিকাৰ।আপোনালোকে দেখা পাব যে  মই দেশৰ সকলো অংশৰ জনসাধাৰণৰ হৈ কাম কৰিম। প্ৰযুক্তিয়ে হওক বা মোকৰ্দমা পঞ্জীয়ন আৰু অন্য প্ৰশাসনীয় কামেই হওক বা ন্যায়িক সংস্কাৰেই হওক সকলো ক্ষেত্ৰতে মই নাগৰিক সকলকহে গুৰুত্ব দিম।”

ন্যায়পালিকাৰ ওপৰত জনসাধাৰণে যে আস্থা স্থাপন কৰিব পাৰিব তাক তেওঁ কেনেকৈ নিশ্চিত কৰিব বুলি সোধা প্ৰশ্ন এটাৰ উত্তৰত তেওঁ কৈছিল-“মই কথাৰে নহয়, মোৰ কামেৰে সেই নিশ্চয়তা প্ৰদান কৰিম।”

ভাৰতবৰ্ষৰ বৰ্তমান পৰিস্থিতিত দেশৰ ৫০তম মুখ্য ন্যায়াধীশ গৰাকীৰ এই কথাবোৰে অতি তাৎপৰ্য বহন কৰিছে।আমাৰ সকলোৰে মনত আছে যে প্ৰাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই লোৱা কেতবোৰ পদক্ষেপৰ বিৰোধিতা কৰি প্ৰথম বাৰৰ বাবে সকলোকে স্তম্ভিত কৰি ২০১৮ চনৰ ১৮ জানুৱাৰীৰ দিনা উচ্চতম ন্যায়ালয়ৰ চাৰিজন জ্যেষ্ঠ ন্যায়াধীশে এখন সংবেদমেল সম্বোধন কৰিছিল। তেওঁলোকে কৈছিলঃ  “…… sometimes administration of the Supreme Court is not in order and many things which are less than desirable have happened in the last few months.” Unless this institution is preserved, “democracy will not survive” in this country, ……” অৰ্থাৎ “ উচ্চতম ন্যায়ালয়ৰ প্ৰশাসন মাজে মাজে সঠিকভাবে চলি থকা নাই আৰু যোৱা কেইমাহমানত বহু অনাকাঙ্খিত ঘটনা ঘটিছে।এই অনুষ্ঠানটো সুৰক্ষিত হৈ নাথাকিলে এইখন দেশত গণতন্ত্ৰ বৰ্তি নাথাকিব….” সংবাদ মেল পাতি তেওঁলোকে কি সাংঘাটিক কথা কৈছিল?

তেওঁলোকে এই কাৰণেই এই কথা কৈছিল যে তেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ এটা বহতীয়া সংস্থাৰ দৰে কাম কৰিছিল। এই ক্ষেত্ৰত মই আকৌ ফলি নৰমানৰ কথা একাষাৰ আনিব বিচাৰিছোঁ। সেই একেখন কিতাপৰ ১৩১ পৃষ্ঠাত তেওঁ কৈছেঃ “…..if there were complete harmony between them ( government and the court) this country would not be worth living in!” যদি ন্যায়ালয় আৰু চৰকাৰৰ মাজত কোনো বিৰোধেই নাথাকে সেইখন দেশ এখন বাসযোগ্য দেশহৈ নাথাকে।‘’

যোৱা সময়ছোৱাত বহু সময়ত আমাৰ দেশৰ ন্যায়পালিকা যেন চৰকাৰৰ হাতধৰা লিগিৰাহে আছিল, যদিও উচ্চতম ন্যায়ালয়ৰ শেষৰ দুজন মুখ্য ন্যায়াধীশ ৰামানা আৰু ললিতৰ দিনত আমি তাৰ কিছু ব্যতিক্ৰম দেখা পাইছিলোঁ।এতিয়া আমি অধিক আগ্ৰহেৰে উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ মুখলৈ চাই আছোঁ।তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধান মন্ত্ৰীৰ অনুপস্থিতিয়েও  এটা ইংগিত বহন কৰিছে।