মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

এগৰাকী অভিযান্ত্ৰিকৰ ছাত্ৰই মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ ১৫ দিনৰ ভিতৰতে হোষ্টেলত আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ১৯ বছৰীয়া নিতিন কেৰালাৰ বাসিন্দা। তেওঁ অলপতে বাংগালুৰুলৈ পঢ়িবলৈ আহিছিল। আৰক্ষীয়ে বৃহস্পতিবাৰে হোষ্টেলৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বুধবাৰে ৰাতিপুৱা ৰুমমেট আৰু বন্ধুবৰ্গই শ্ৰেণীলৈ যোৱাৰ আগতে নিতিনক ফোন কৰিছিল। কিন্তু তেওঁ মুৰৰ বিষত ভুগি থকা বুলি কৈ হোষ্টেলতে থাকি যায়।

লগতে পঢ়ক: সন্দেহতে ১১ জন লোকক ‘হত্যা’! ভুৱা এনকাউণ্টাৰ গোচৰত ৪৩ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড

আবেলিৰ শ্ৰেণীৰ পিছত হোষ্টেললৈ আহি বন্ধুসকলে নিতিনৰ কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ থকা দেখে। মহাবিদ্যালয়ৰ আন কৰ্মচাৰীৰ সহায়ত সকলোৱে দুৱাৰখন ভাঙি কোঠাটোত প্ৰৱেশ কৰি নিতিনৰ মৃতদেহটো দেখা পায়।

খৱৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে হোষ্টেলৰ বাথৰুমৰ পৰা নিতিনৰ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ছাত্ৰজনে ডিঙি কাটি আত্মহত্যা কৰে।

লগতে পঢ়ক: গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নাবালিকাসহ ৪জন নিহত

বন্ধুবৰ্গৰ মতে, নিতিনৰ মাক-দেউতাক দুয়ো ডুবাইত বাস কৰে। তেওঁ প্ৰায়ে তেওঁলোকৰ সৈতে ফোনত কথা পাতিছিল। নিতিনে আনকি তেওঁৰ মাক দেউতাকক ঘৰলৈ উভতি আহি তেওঁক লগ কৰিবলৈ অনুৰোধ কৰিছিল। আৰক্ষীয়ে নিতিনৰ আত্মহত্যাৰ কাৰণ অনুসন্ধান কৰি আছে।