• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰবি শৰ্মাৰ সৈতে অলপ আলাপ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
July 6, 2023 4:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰবি শৰ্মাৰ নাম লৈ ন-কৈ কিবা কোৱাৰ ৰাইজক নিশ্চয়কৈ প্ৰয়োজন নাই। হয়, বৰ্তমান সময়ত অসমীয়া ছবিজগতৰ আটাইতকৈ জনপ্ৰিয়,পৰিপক্ক তথা অপ্ৰতিদ্বন্দ্বী নায়কজনৰ কথায়েই কৈছো। জনপ্ৰিয় অভিনেতা,গায়ক,কাহিনীকাৰ ৰবি শৰ্মাৰ সৈতে আমি চিনেমা আৰু আন দুই এক বিষয়ক লৈ এক কথোপকথন কৰিবলৈ ওলাইছো।
প্ৰশ্নঃ-শৰ্মা ডাঙৰীয়া নমস্কাৰ। প্ৰথমেই আপোনাক সুধিব বিচাৰিছো যে-ৰবি শৰ্মাই নিজকে কি ৰূপে চিনাকি দিবলৈ ভালপাই?অভিনেতা,কন্ঠশিল্পী অথবা কাহিনীকাৰ ৰূপে?

ৰবি শৰ্মাঃ-নমস্কাৰ। মই নিজকে সমাজৰ বাবে ভাল চিন্তা কৰা এজন মানুহৰ শাৰীত ৰাখিব খুজো। আৰু এইদৰে ভাল কৰাৰ মাধ্যম হৈছে-চিনেমা। কাৰণ তথ্যগত যিকোনো তিক্ত কথাক আমি চিনেমাৰ ৰূপত মনোগ্ৰাহী কৰি মানুহৰ আগত তুলি ধৰিব পাৰো। যাতে মানুহৰ চিন্তাধাৰাত ভাল আৰু বেয়াৰ পাৰ্থক্য নিৰূপণ কৰাত চিনেমাৰ এক প্ৰভাৱ থাকে। যদিহে মই প্ৰতিবাদো কৰো,সমাজ আৰু জাতিৰ গাথাঁ‌ বা বেথাকো তুলি ধৰো অথবা জাতি-মাটি-সংস্কৃতিৰ হকে যিসকলে আহুতি দি গৈছে-তেওঁ‌লোকক শ্ৰদ্ধা জনাব খুজো-তেন্তে ইয়াৰ মাধ্যম চিনেমাই হ’ব। যাতে জাতিটোক লৈ আমাৰ যুৱ-প্ৰজন্ম স্বাভিমানী হ’বলৈ পাৰে। সেয়ে নিজকে ছবি-নিৰ্মাতা বা সাংস্কৃতিক কৰ্মী ৰূপে পৰিচয় দিবলৈ ভালপাম।
প্ৰশ্নঃ-চিনেমা আপোনাৰ বাবে কি?
ৰবি শৰ্মাঃ-চিনেমা কলাৰ আটাইতকৈ শক্তিশালী দৃশ্য-শ্ৰব্য মাধ্যম(কিতাপৰ পিছতে)। যাক আমি মনোৰঞ্জক কৰি মানুহৰ আগত প্ৰদৰ্শন কৰিব পাৰো।
প্ৰশ্নঃ- শ্ৰী ৰঘুপতিৰ কাহিনী লিখাৰ ধাৰণাটো কিদৰে মনলৈ আহিল?
ৰবি শৰ্মাঃ-এটা অভাৱ অনুভৱ কৰিছিলো। সাধাৰণতে আমাৰ কাহিনী কওতে কিছুমান সৰু সৰু বস্তু এৰি থৈ যোৱা যায়। দেখা যায় যে-প্ৰায়বিলাক ছবিৰ ক্ষেত্ৰতেই হয় হলীউড,নহয় বলীউড অথবা কোনোবা লিখকৰ পৰা প্ৰতিলিপি লোৱাবিধৰ হয়। আমাৰ জাতিৰ যি আৱেগ-আনকি খুচৱন্ত সিঙেও লিখি গৈছে যে-অসমীয়া জাতিৰ দৰে আদৰুৱা,কথাচহকী,সমৃদ্ধিশালী জাতি পাবলৈ নাই। গতিকে আমাৰ এই সংস্কৃতিক লৈয়েই কৰিব লগা বহুতো কাম আছে। আগতে কৰা কামবোৰত আনে মোৰ বাবে কাহিনী লিখিছিলে,এইবাৰ ভাবিলো নিজে লিখিব পাৰো যিহেতু নিজেই লিখো আৰু পূৰ্বে উল্লিখিত উপাদানসমূহো বজাই ৰাখো।
প্ৰশ্নঃ-সংগীতৰ লগত আপোনাৰ সম্পৰ্কৰ বিষয়ে অলপ জনাব নেকি?
ৰবি শৰ্মাঃ-সংগীত মোৰ বাবে জীৱন ধাৰণৰ এক প্ৰক্ৰিয়া। মোক কোনো উপাদানেই ইমান আমোদ দিব নোৱাৰে,যিমান সংগীতে দিব পাৰে। চাপগ্ৰস্ত মন-মগজুক শীতলোৱা একমাত্ৰ উপায় সংগীত মোৰ বাবে।

Apply Now

প্ৰশ্নঃ-অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান অৱস্থা কেনে বুলি ভাবে?যদিহে পয়ালগা অৱস্থাত আছে আৰু যদিহে উত্থান হৈছে-দুয়োৰে কাৰণ কি বুলি ভাবে?
ৰবি শৰ্মাঃ-আমি নিজৰ ভিতৰতে ছবি নিৰ্মাণ কৰি সন্তুষ্ট হ’বলৈ চেষ্টা কৰো। আমাৰ উদ্যোগটোৰ বজাৰখন সৰু-এই কথা আমি গ্ৰহণ কৰি লৈছো। মোৰ এই কথাটিত অলপ আপত্তি আছে। কাৰণ, চিনেমাৰ পৰিভাষা সেইটো নহয়। চিনেমা ভাষিক হে,ক্ষেত্ৰভিত্তিক নহয়। আজি শ্ৰী ৰঘুপতিয়ে প্ৰমাণ কৰিলে যে-চিনেমা এখনৰ গুণগত মান ভাল হোৱাৰ বাবে এতিয়া চেন্নাই,হাইদৰাবাদ,কলকতা পৰ্যন্ত,কোনো ছাবটাইটল নোহোৱাকৈ অসমীয়া চিনেমা চলিছে। বিভিন্ন বাধা আছে অসমীয়া চিনেমাৰ ক্ষেত্ৰত,পিছে মোৰ কথা হ’ল-যদিহে দহজন অসমীয়া মানুহেই ছবিখন চাইছে আৰু চাই কৈছে-“আমাৰ অসমীয়া চিনেমাৰ দৰে চিনেমা বিশ্বতেই নাই”-এইধৰণে ভাবিব পৰাকৈ নিখুঁতকৈ আৰু শলাগ লব পৰাকৈ কৰিম,উত্থান-পতন যিয়েই নেথাকক কিয়। আৰু আমি অসম আৰু অসমৰ মানুহক বাদ দি চিনেমা কৰিব নোৱাৰো। যিমানেই প্ৰযুক্তিগত দিশত আগবঢ়া নহওক কেলৈ!
প্ৰশ্নঃ-“অসমীয়া চিনেমা অসমীয়া মানুহে নেচাই”-সততে উঠা এই জাতীয়তাবাদী আৱেগ বা অভিযোগ সম্পৰ্কে কি মন্তব্য কৰিব?
ৰবি শৰ্মাঃ-ধৰক আপোনাক কোনোবাই একাপ চাহ কৰোবাত ফ্ৰীতে খুৱালে। চাহকাপ বেয়া,তেতিয়া পিছত দুনাই কোনোবাই একেদৰেই আপোনাক তালৈ চাহ খুৱাব নিলে যাব জানো?নিশ্চয় নেযায়। কথাটো তেনেকুৱাই। চিনেমা আৱেগত চলা বস্তু নহয়। চিনেমা চাবলৈ মানুহে নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰে,সময় দিয়ে-গতিকে চিনেমাৰ ক্ষেত্ৰত অকল আৱেগত নচলে।

প্ৰশ্নঃ-হিয়া দিয়া নিয়াৰ আগৰ কাম বা প্ৰথম কাম কি আছিল অভিনয়ৰ ক্ষেত্ৰত?
ৰবি শৰ্মাঃ-প্ৰথমে মই মডেলিঙ কৰিছিলো আৰু হিয়া দিয়া নিয়াৰ আগত-পুৰুষ মডেলৰ প্ৰথম আছিলো আমিখিনি। আৰু হিয়া দিয়া নিয়াৰ আগতে জে পি দাস দাদাৰ -“বুকু ভৰি মৰম আছে”-গীতটোত অভিনয় কৰিছিলো।

প্ৰশ্নঃ-বৰ্তমানলৈকে,আপুনি নিজৰ কামক লৈ সন্তুষ্ট নে?
ৰবি শৰ্মাঃ-এজন শিল্পী নিজৰ কামক লৈ কেতিয়াও সম্পূৰ্ণৰূপে সন্তুষ্ট নহয়। মই আৰু ভাল কাম কৰিব খুজোঁ।

প্ৰশ্নঃ-চিনেমাৰ কোন ধাৰাই আপোনাক বিশেষভাৱে আকৰ্ষিত কৰে?
ৰবি শৰ্মাঃ-মোৰ বাবে চিনেমাৰ কোনো ধাৰা নাই। মোৰ বাবে চিনেমাৰ দুটাই ভাগ হৈছে-ভাল চিনেমা আৰু বেয়া চিনেমা।

প্ৰশ্নঃ-ৰবি শৰ্মা হতাশ কেতিয়া হয়?
ৰবি শৰ্মাঃ-মই হতাশ হোৱাবিধৰ মানুহেই নহয়। মই পৰিকল্পনা কৰো। ৰৈ থকা আৰু একো নকৰা মানুহৰ মাজত পাৰ্থক্য আছে। এজন ব্যক্তিয়ে ৰৈ থাকিও বহুত কিবাকিবি কৰিব পাৰে,পিছে নকৰো ভবাজনে একো নকৰে। ভবামতে কিবা নহ’লে মই আত্মদৰ্শন কৰো,আৰু নিজকে জুকিয়াই চাই ক’ত কি খুটি-নাটিৰ বাবে হোৱা নাই সেইখিনি উলিয়াই সেইমতে কাম কৰো। এইখিনিয়ে মোক হতাশ হ’বলৈ সময় নিদিয়ে। আৰু মই সদায়েই সমস্যা সমাধানত আগভাগ লোৱা মানুহ।

প্ৰশ্নঃ-অভিনয় কৰিবৰ বাবে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন কিমান জৰুৰী বুলি ভাবে?
ৰবি শৰ্মাঃ-যিমানেই সংগীত-শিল্পী বা গায়ক এজনে গীত গাবৰ বাবে শিকিব লাগে,সিমানেই জৰুৰী বুলি ভাবো। যদিহে দক্ষতা আৰু অভিনয়ৰ প্ৰতি প্ৰেম ভিতৰত নেথাকে,তেন্তে কোনেও চাবুক মাৰি কাকো অভিনয় কৰাব বা গান গোৱাব নোৱাৰে। ভাল অভিনেতা-বেয়া অভিনেতা বুলিও কোনো কথা নাই। মাত্ৰ কোনোবাজন অভিনেতা আৰু আনজন অভিনেতা নহয়।

প্ৰশ্নঃ-ভৱিষ্যতত আৰু শ্ৰী ৰঘুপতিৰ দৰে ছবি আমি আপোনাৰ পৰা পাম নেকি?
ৰবি শৰ্মাঃ-শ্ৰী ৰঘুপতিৰ দৰে আন চিনেমা কৰিম। অলপ ধাৰাতো পৰিৱৰ্তন কৰিম মাথোঁ।

প্ৰশ্নঃ-অসমীয়া দৰ্শকে কেনে ছবি চাই ভালপাই?
ৰবি শৰ্মাঃ-আমাৰ মানুহে যি চাই ভালপাই,তাকেই চাব বিচাৰে। আৰু মোৰ কাম হৈছে তেওঁলোকে চাব বিচৰাৰ পৰা মই দেখোৱাব বিচৰাখিনি তেওঁলোকক দেখুওৱাতো। আৰু যদিহে আমাৰ প্ৰদৰ্শনত কিবা খুটি-নাটি থাকে,তেন্তে তাক স্বীকাৰ কৰি, শুধৰাই পুনৰ ন স্বাদ দিবলৈ আগবাঢ়িবলৈয়ো জানিব লাগিব। হললৈ ছবি চাবলৈ অহা দৰ্শকে যাতে তেওঁৰ পইছাখিনি উচিত ঠাইত ব্যৱহাৰ কৰিলে বুলি হাঁ‌হিমুখে যাব পাৰে-সেইটোৱেই বিচাৰো।

ৰবি শৰ্মালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতেই আগত ভৱিষ্যতত তেওঁৰ আৰু সুন্দৰ কামেৰে আমাক সমৃদ্ধিশালী কৰি যাব বুলি উত্তৰোত্তৰ কামনা কৰিলো।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd