আলিগড়ৰ জামা মছজিদ সন্দৰ্ভত তথ্যৰ অধিকাৰৰ এজন কৰ্মীয়ে আলিগড় ছেচন আদালতত আবেদন দাখিল কৰি কয় যে প্ৰায় ৩০০ বছৰ পূৰ্বে মোগল যুগৰ শেষৰ ফালে নিৰ্মাণ কৰা এই মছজিদটো বৌদ্ধ মন্দিৰ, জৈন মন্দিৰ আৰু হিন্দু মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছে। পণ্ডিত কেশৱ দেও গৌতম নামৰ এজন ব্যক্তিয়ে আলিগড় পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰি তথ্যৰ অধিকাৰ আইনৰ আধাৰত গোচৰ ৰুজু কৰে।
তেওঁ সাংবাদিকৰ আগত কয় যে, “আদালতে এই গোচৰৰ শুনানিৰ দিন ১৫ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে। জামা মছজিদৰ উৎস বিচাৰি চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ তথ্য জানিব বিচাৰিছো। ঐতিহাসিক তথ্য অনুসৰি ১৮ শতিকাৰ একেবাৰে আৰম্ভণিতে এই মছজিদটো নিৰ্মাণ কৰা হৈছিল। মহানগৰীৰ উত্তৰ কোট অঞ্চলত অৱস্থিত এই মছজিদটো। এই প্ৰাচীন চহৰখন ঘন জনবসতিপূৰ্ণ মুছলমান প্ৰধান অঞ্চল।”
গৌতমে দাবী কৰে যে আলিগড় পৌৰ নিগমে চৰকাৰী অনুমোদন অবিহনে চৰকাৰী ভূমিত মছজিদ নিৰ্মাণ কৰা বুলি কয়। এই তথ্যৰ ওপৰত আলোকপাত কৰি তেওঁ জামা মছজিদ পৰিচালনা সমিতিক অবৈধ ঘোষণা কৰিবলৈ আদালতক অনুৰোধ জনায়। চৰকাৰী ভূমিত নিৰ্মিত এই মছজিদটো অনতিপলমে দখল কৰিবলৈ চৰকাৰক আহ্বান জনায়।
উল্লেখ্য যে, ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশত কৈছিল যে ধৰ্মস্থান আইনৰ বৈধতাৰ চূড়ান্ত ৰায় গৃহীত নোহোৱালৈকে কোনো নিম্ন আদালতে কোনো অট্টালিকাৰ ধৰ্মীয় চৰিত্ৰ নিৰ্ণয়ৰ গোচৰ ল’ব নোৱাৰে। আনকি উচ্চতম ন্যায়ালয়েও এনে গোচৰত অন্তৱৰ্তীকালীন বা চূড়ান্ত নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকিবলৈ সকলো আদালতক নিৰ্দেশ দিছিল। কোনো ধৰ্মীয় স্থানক লৈ হোৱা বিবাদত জৰীপৰ নিৰ্দেশ দিয়াতো উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰে। যাৰ পৰিপ্ৰেক্ষিতত এলাহাবাদ উচ্চ ন্যায়ালয়ে সম্ভলত জামা মছজিদ গোচৰৰ শুনানি ২৫ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়ে।