NORTHEAST NOW (Assamese)

বৰপেটাৰ আগৰজান টেকনাৰবালাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য

November 12, 2018 6:20 pm · পুলেন্দ্ৰ দাস
Updated: November 12, 2018 6:35 pm
ফটো : নৰ্থ-ইষ্ট নাও

আজি বৰপেটাৰ আগৰজান টেকনাৰবালাত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এখন পকী দলঙৰ তলত কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

উল্লেখযোগ্য যে মৃতদেহটোৰ ডিঙিত গামোছা বন্ধা থকাৰ প্ৰতি লক্ষ্য ৰাখি কোনোবাই পৰিকল্পিতভাৱে ফাঁচ লগাই হত্যা কৰি এইদৰে দলংখনৰ তলত পেলাই থৈ যোৱা বুলি একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই যদিও মৃত লোকজনৰ বয়স প্ৰায় ৪৫ মান হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ইফালে ঘটনাস্থলত বৰপেটা সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। কোনোবাই লোকজনক কিবা উদ্দেশ্যত এনেদৰে হত্যা কৰি পেলাই থৈ গ’ল নে এই সমস্ত ঘটনাটো আত্মহত্যা এই সকলোবোৰ কথাৰ ৰহস্য তদন্তৰ অন্ততহে পোহৰলৈ আহিব বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Related News