DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনত সন্মুখীন হোৱা সমস্যাক লৈ বক্তব্য ৰখা মহিলাক ফোনযোগে ভাবুকি; দিচপুৰ থানাত এজাহাৰ

"চৰকাৰৰ বিৰুদ্ধে দ্বিতীয়বাৰ ক'লে তোমাৰ দিগদাৰ আছে; মাইকী মানুহ মাইকী মানুহ হৈ থাকিবা"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2020 1:12 pm
WhatsApp Image 2020-07-24 at 12.17.43 PM

ফোনযোগে অচিনাকি ব্যক্তিয়ে ভাবুকি দিয়া তৃষ্ণা নাথ নামৰ মহিলাগৰাকী। ফটো: নৰ্থইষ্ট নাও

8.9k
VIEWS
Share on FacebookShare on Twitter

লকডাউনত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বিৱৰি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত নিজৰ বক্তব্য দিয়া মহিলাক ফোনযোগে ভাবুকি দিছে কোনো অচিনাকি ব্যক্তিয়ে।

মহানগৰীৰ বাঘৰবৰী চানেকি পথৰ তৃষ্ণা নাথ নামৰ মহিলাগৰাকীক চৰকাৰ বিৰোধী মন্তব্য তথা মুখ্য মন্ত্ৰীক সমালোচনা নকৰিবলৈ ভাবুকি দিয়ে।

কালি নিশা প্ৰায় ৯:৩০ বজাত ৬০০০৪৭৪৯০০ নম্বৰৰ পৰা কোনো অচিনাকি কণ্ঠৰ লোকে ভাবুকি দিয়ে তৃষ্ণাক।

“তুমি মানুহ চিনি নোপোৱা, চৰকাৰ বিৰোধী কথা কিয় কৈ আছা? মুখ্য মন্ত্ৰীৰ বিষয়ে কিয় কৈছা তুমি? তোমাৰ ঘৰ ক’ত?  দ্বিতীয়বাৰ চৰকাৰ বিৰোধী কথা নক’বা। চৰকাৰৰ বিৰুদ্ধে দ্বিতীয়বাৰ ক’লে তোমাৰ দিগদাৰ আছে। মাইকী মানুহ মাইকী মানুহ হৈ থাকিবা।” ফোনযোগে এইদৰে কোনো অচিনাকি লোকে ভাবুকি দিয়ে তৃষ্ণাক।

ইতিমধ্যে, কলৰেকৰ্ডিংসহ দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

এজাহাৰ দাখিল কৰি আহি মহিলাগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত কয়, “মই আশা কৰিছো দিচপুৰ আৰক্ষীয়ে এই অচিনাকি লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি মোক ন্যায় প্ৰদান কৰে যেন। মোৰ তিনিটা সন্তানৰ সৈতে মই অকলে থাকো তেনেক্ষেত্ৰত মোৰ নিৰাপত্তা ক’ত?”

WhatsApp Image 2020-07-24 at 12.12.28 PM
দিচপুৰ থানাত মহিলাগৰাকীয়ে দিয়া এজাহাৰখন।

লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ তথা খাটি খোৱা লোকসকল বহু অসুবিধাৰ সন্মুখীন হৈছিল।

“আমাৰ দুখ-দুৰ্দশাৰ কথাবোৰ আমি আমাৰ মুৰব্বী হিচাপে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীকে জনাম। তেনেক্ষেত্ৰত এনেদৰে ভয়-ভাবুকিৰ সন্মুখীন হ’লে আমি কেনেদৰে মনৰ কথাবোৰ প্ৰকাশ কৰিম?” তৃষ্ণাই এইদৰে প্ৰশ্ন কৰি কয়।

উল্লেখযোগ্য যে, এগৰাকী সাধাৰণ মহিলা হিচাপে তথা সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ উপদেষ্টা হিচাপে লকডাউনৰ সময়ত ৰান্ধনীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে সামাজিক মাধ্যম আৰু এটা ব্যক্তিগত ৱেব পৰ্টেলত তেওঁ বক্তব্য প্ৰকাশ কৰিছিল।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd