• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া চিনেমাক বাংলা চিনেমা বুলি দেখুৱাই আনন্দবাজাৰ পত্ৰিকাৰ বিনোদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2020 12:09 pm

2 min read

bulbul can sing

বাংলা চলচ্চিত্ৰৰ প্ৰম'চনৰ বাতৰিত আনন্দ বাজাৰ পত্ৰ্ৰিকাত ব্যৱহাৰ কৰা বুলবুল কেন ছিং থবিৰ ফটোখন।

1.8k
VIEWS
Share on FacebookShare on Twitter

কলকাতাৰ এখন আগশাৰীৰ বাংলা বাতৰিকাকত আনন্দবাজাৰ পত্ৰিকাৰ ৭জানুৱাৰি সংখ্যাৰ বিনোদন পৃষ্ঠাত এক আমোদজনক খবৰ প্ৰকাশ পাইছে।

বাতৰিটোত বাংলা চলচ্চিত্ৰক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাৰ বাবে চহৰখনত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ কথা লিখা হৈছে।

আশ্চৰ্যজনকভাৱে, বাতৰিটোৰ সৈতে যিখন ফটো সংলগ্ন কৰা হৈছে, সেইখন হৈছে বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ বুলবুল কেন ছিং ছবিখনৰ।

এইদৰে কলকাতাৰ প্ৰতিষ্ঠিত কাকত এখনে বহুল চৰ্চিত এখন  অসমীয়া ছবিৰ ফটো সংলগ্ন কৰি বাংলা ছবিৰ প্ৰম’চনৰ বাতৰি পৰিৱেশন কৰিলে, সেয়া অতি দুৰ্ভাগ্যজনক।

উল্লেখযোগ্য যে ইয়াৰ আগেয়েও একাংশ বাংলা সংবাদ মাধ্যমে চলচ্চিত্ৰ পৰিচালক ৰীমা দাস আৰু এথলেট হিমা দাসক বঙালী বুলি কৈ পাছত ক্ষমা খুজিব লগীয়া হৈছিল।

আনন্দবাজাৰৰ বাতৰিটোত অসমীয়া ছবিৰ সম্পৰ্কত এটা শব্দও লিখা হোৱা নাই কিম্বা বাংলা আৰু অসমীয়া ছবিৰ সম্পৰ্কৰ কোনো কথাও সন্নিবিষ্ট নাই।

তেনেস্থলত জনপ্ৰিয় তথা বহু চৰ্চিত এখন অসমীয়া ছবিৰ ফটো সংলগ্ন কৰি বাংলা ছবিৰ বন্দনা কৰাটোত কি উদ্দেশ্য থাকিব পাৰে?

বাতৰিটোত উল্লেখ কৰা অনুসৰি ৫ জানুৱাৰিৰ পৰা কলকাতাত আৰম্ভ হোৱা আৰ্ট হাউছ এছিয়া চলচ্চিত্ৰ উৎসৱত বাংলা ছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিতে বক্তব্য ৰাখিছে।

অভিনেতা প্ৰসেনজিতৰ বক্তৱ্যৰ ভিডিঅ’টো বাতৰিটোৰ সৈতে সংলগ্ন কৰা হৈছে। কিন্তু  ভিডিঅ’টোত ক’তো এবাৰো প্ৰসেনজিতে ৰীমা দাসৰ নাম বা বুলবুল কেন ছিঙৰ কথা উল্লেখ কৰা নাই।

স্বাভাৱিকতে, কলকাতা তথা দেশৰ এখন আগশাৰীৰ বাংলা কাকতে কোনো যুক্তি নোহোৱাকৈ অসমীয়া ছবি এখনক বাংলা বুলি দেখুৱাই অসম তথা অসমীয়াক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি বুলি বিদ্বৎ সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd