লণ্ডনত অনুষ্ঠিত হ’ব অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠান! সাজু বিশ্বপ্ৰসিদ্ধ উদ্যোগী-চেলিব্ৰীটি

ইতিমধ্যে হৈ যোৱা মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰৰ প্ৰাক-বৈবাহিক অনুষ্ঠানে সমগ্ৰ বিশ্বক সচকিত কৰি তুলিছিল। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি এইবাৰ জুলাই মাহত বিবাহপাশত আবদ্ধ হ’ব ৰিলায়েন্সৰ স্বতাধিকাৰী মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত।পিছে এই অনুষ্ঠান ভাৰতৰ কোনো চহৰ বা প্ৰদেশত নহয় বৰঞ্চ এখন বিদেশী ৰাষ্ট্ৰতহে অনুষ্ঠিত হ’ব৷

লগতে পঢ়ক: ভাৰতত প্ৰতিবছৰে ১০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে স্তনৰ আকাৰ সৰু কৰাৰ অস্ত্ৰোপচাৰ

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান লণ্ডনৰ ষ্টক পাৰ্ক এষ্টেটত জুলাই মাহত অনুষ্ঠিত হ’ব। প্ৰসংগক্ৰমে গুজৰাটৰ জামনগৰত বিবাহৰ পূৰ্বৰ উৎসৱত সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে।

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে কি কয়?

সূত্ৰ অনুসৰি মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে বিয়াৰ প্ৰস্তুতিৰ স্বয়ং যত্ন লৈছে। আনকি ইয়াৰ আগতেও নীতাৰ তত্বাৱধানত তিনিদিনীয়া প্ৰাক বিবাহ অনুষ্ঠানৰ উৎসৱ সম্পূর্ণ হৈছিল৷ তাৰ বাবে অনন্ত আম্বানীয়ে কৃতজ্ঞতাৰে মাকক ধন্যবাদ জনায়।

লগতে পঢ়ক:  বনকৰা কিশোৰীক অমানুষিক অত্যাচাৰ; পলাতক অভিযুক্ত ডাঃ দেৱজিৎ দত্ত

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি লণ্ডনত হ’বলগীয়া বিবাহৰ আমন্ত্ৰণপত্ৰ বলীউডৰ তাৰকাসকললৈ প্ৰেৰণ কৰা হৈছে। বিবাহত সম্ভাৱ্য অতিথিৰ ভিতৰত আছে শ্বাহৰুখ খান, ছলমান খান, বচ্চন পৰিয়াল, ৰণবীৰ সিং, দীপিকা পাডুকন, বিৰাট কোহলী, অনুষ্কা শৰ্মা, ৰণবীৰ সিং, আলিয়া ভাট, বিকি কৌশল আৰু কেটৰিনা কাইফৰ দৰে চেলিব্ৰিটী।