আঞ্চলিক গণ মৰ্চাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া : ‘এইখন হৈছে ভাৰত বেচ’ বাজেট’

maxresdefault

মোডী চৰকাৰৰ বাজেটক লৈ আঞ্চলিক গণ মৰ্চাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ২০২১-২২ৰ বাজেট “বেচ’ ভাৰত বাজেট”

২০২১-২২ বৰ্ষৰ দেশৰ বাজেটে আজি স্পষ্টকৈ প্ৰমাণ কৰি দিলে যে বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ মূল নীতি বেচ’ ভাৰত। দেশৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কত আজি সামগ্ৰিক প্রতিক্রিয়া প্ৰকাশ কৰি আঞ্চলিক গণ মৰ্চাই এই অভিমত প্রকাশ কৰিছে।

ক’ৰণাই বিধবস্তু কৰা দেশৰ জনগণক সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে দেশৰ সম্পদসমূহ এপদ এপদকৈ বিক্ৰী কৰাতহে সৰ্বাধিক গুৰুত্ব  দিয়া বুলি অভিহিত কৰি আঞ্চলিক গণ মৰ্চাই আৰু কয় যে স্বাভাৱিকভাৱেই আশা কৰা হৈছিল যে ভাৰতবৰ্ষৰ জনগণে সন্মুখীন হোৱা ব্যাপক বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰ্যকৰী ব্যৱস্থাৱলী গ্ৰহণ কৰিব।

কিন্তু দুৰ্ভাগ্য যে মোডী-চৰকাৰৰ বিভমন্ত্ৰগৰাকীয়ে জনসাধাৰণৰ ওপৰত মাধমাৰ মাৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম আকৌ বৃদ্ধি কৰিলে। একে সময়তে বৃহৎ পুঁজিৰ ওচৰত সেও মনা চৰকাৰখনে ৰাইজৰ সম্পদসমূহ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ ‘বন্ধু’ আম্বানী আৰু আদানিক গটাই দিয়াৰ সকলো ব্যৱস্থা কৰি পেলালে।

কৃষি আৰু শিক্ষাৰ দৰে অতি গুৰুত্বপূৰ্ণ খণ্ডই এইবাৰৰ বাজেটত পাবলগীয়া গুৰুত্ব নোপোৱাটোৱে চৰকাৰখনৰ জনবিৰোধী চৰিত্ৰ পুনৰ উদঙাই দিলে।

‘আনহাতে, যি সময়ত এটা মাহৰ ওপৰ কাল দেশৰ হেজাৰ হেজাৰ কৃষকে চৰকাৰৰ কৃষক ৰিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে দেশ কঁপোৱা সংগ্ৰামত অটল হৈ আছে, তেনে সময়ত এইবাৰৰ বাজেটত কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা কোনো ব্যৱস্থাৰে উল্লেখ নাথাকিল।

ভাৰতৰ দৰে কৃষিপ্ৰধান দেশ এখনৰ বাজেটত কৃষি খণ্ডৰ প্ৰতি দেখুওৱা এনে অৱহেলাৰ সুদূৰপ্ৰসাৰী প্ৰতিক্ৰিয়া অৱশ্যম্ভাৱী।

আঞ্চলিক গণ মৰ্চাৰ বাজেট প্ৰতিক্ৰিয়াত আৰু কোৱা হয় যে বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রতি বঞ্চনাৰ ধাৰা এইবাৰো অব্যাহত থাকিল।

যিটো সময়ত নিৰ্বাচনী যুঁজৰ বাবে সাজু হোৱা পশ্চিমবংগ আৰু তামিলনাডুত বৃহৎ বিনিয়োগৰ ঘোষণা কৰা হ’ল, তেনে এটা সময়ত, একেই নিৰ্বাচনৰ বাবে সাজু হোৱা অসমৰ অর্থনীতিৰ ৰূপান্তৰৰ বাবে কোনো গুৰুত্বপূৰ্ণ ঘোষণা কৰাই নহ’ল।