• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অভিযোগ অজিত ভূঞাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
June 29, 2022 3:15 pm
Ajit Kumar Bhuyan
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰৰ দ্বিতীয়টো বানত জৰ্জৰিত হৈ সৰ্বস্বান্ত হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা। কেৱল সস্তীয়া জনপ্ৰিয়তাৰ আশাত কেমেৰা বাহিনী লগত লৈ বানপীড়িতৰ কাষত থিয় হোৱাৰ নামত মুখ্যমন্ত্ৰীজনে চৰম প্ৰতাৰণা কৰিছে বিধ্বস্ত ৰাইজক।

আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি এই মন্তব্য কৰিছে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

Apply Now

সংবাদ মেলত ভূঞাই কয় যে ৰাজ্যৰ লাখ লাখ লোক আজিও বানৰ কৰাল গ্ৰাসত ককবকাই আছে, ৩২ খন জিলাৰ অধিকাংশ লোকেই বানৰ সংহাৰী ৰূপত সৰ্বস্বান্ত হৈছে। শতাধিক লোকৰ মৃত্যু হৈছে, পশুধন আৰু কৃষিভূমিৰ ক্ষয়ক্ষতিৰ হিচাপেই নাই। এই সময়ত কেৱল প্ৰচাৰমুখী ৰাজনীতি লৈ ব্যস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।

তেওঁ কয়, “ব্ৰহ্মপুত্ৰ উপত্যকাত বানৰ তাণ্ডৱ যোৱা দুদিনত কিছু শাম কাটিছে যদিও বৰাক উপত্যকাৰ তিনিওখন জিলাৰ অৱস্থা এতিয়াও জটিল হৈ আছে। পানীৰ অভাৱনীয় বৃদ্ধিয়ে দঙাৰপাৰ নামৰ গাঁওখনৰ ৮৫ টা পৰিয়ালক একপ্ৰকাৰ সৰ্বস্বান্ত কৰি থৈ গ’ল। প্ৰায় ১০ টা পৰিয়ালৰ ঘৰ বানৰ বলে উটুৱাই নিলে, গাওঁবাসীৰ খেতিপথাৰ সম্পূৰ্ণৰূপে পানীত ডুব গ’ল, ব্যৱসায়িক ভিত্তিত মাছ পোহা পুখুৰীৰ মাছ ওলাই গ’ল, মূল্যবান গছ-গছনি সকলো ধ্বংসপ্রাপ্ত হ’ল। গাঁওখনলৈ যোৱা মূল ৰাস্তাটোৰ তিনি ঠাইত ডাঙৰ ডাঙৰ পুখুৰীৰ সৃষ্টি হ’ল। মানুহৰ দৈনন্দিন জীৱিকা আজি সম্পূর্ণ বন্ধ।”

কিন্তু বানত বিধ্বস্ত হৈ পৰা এই সাধাৰণ ৰাইজক চৰকাৰে সাহায্যৰ নামত সামান্য পৰিমাণৰ চাউল, দাইল বিতৰণ কৰিয়ে সকলো দায়িত্ব সামৰিছে।” এই মুহূৰ্তলৈকে ক্ষতিগ্ৰস্ত ৰাইজে টিনপাতৰ বান্দিল এটাও পোৱা নাই বুলিও তেওঁ অভিযোগ কৰে।

আনহাতে ২০০৫ চনৰ ‘ৰিলিফ মেনুৱেল’ মতে শিবিৰত নথকা বানপানীত ক্ষতিগ্রস্ত প্রাপ্তবয়স্ক লোকে দৈনিক ৬০ টকাকৈ আৰু নাবালকে ৪০ টকাকৈ চৰকাৰৰ পৰা সহায় পাব লাগে যদিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজিলৈকে ‘ৰিলিফ মেনুৱেল’ মতে এটা ফুটা কড়িও বান বিধ্বস্তক দিয়া নাই বুলিও ভূঞাই অভিযোগ কৰে।

আনকি খেতিপথাৰ, ৰাস্তা, ঘৰ, পুখুৰী, গৰু ছাগলী আদিৰ নামত ৰাইজে এককালীন সাহায্য পাব নে নাপাব সেই লৈও চৰকাৰৰ কোনো উত্তৰ বৰ্তমানলৈকে নাই বুলি ক্ষোভ প্ৰকাশ কৰে ভূঞাই।

সাংসদগৰাকীয়ে কয়, “আমি শুকমানাহৰ পল্লাৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা শিবিৰলৈ গৈছিলো। এতিয়াও এইটো শিবিৰত প্ৰায় ৩০ টা পৰিয়াল আছে। এওঁলোকে সাহায্যৰ নামত এতিয়ালৈ মাত্র ১ কিলো চাউল আৰু ৬০০ গ্রাম দাইল পাইছে-এয়া মোৰ কথা নহয়, স্থানীয় লোকে তোলা অভিযোগ।”

উল্লেখ্য যে অজিত কুমাৰ ভূঞাসহ এটা দলে ভৱানীপুৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আটাইতকৈ বিধ্বস্ত মেধিকুছি ভ্ৰমণ কৰে আৰু ৰাইজৰ অবৰ্ণনীয় পৰিস্থিতিৰ বুজ লয়। ভৱানীপুৰৰ এই বান পৰিস্থিতিৰ সম্পৰ্কে বাখ্যা কৰি অজিত ভূঞাই সংবাদ মেলত কয় যে ভূটানৰ পৰা নামি অহা পানীয়ে পহুমাৰা নদীৰ মথাউৰি ছিঙি পেলোৱাৰ ফলত মেধিকুছি গাঁৱত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

“মেধিকুছিৰ ৰাইজৰ ভাগ্য ভাল আছিল যে দিনৰ ভাগত মথাউৰিটো ছিগিল, মাজনিশা এই অঘটন ঘটা হ’লে বিস্তীর্ণ অঞ্চটোৰ ৰাইজৰ কি অৱস্থা হ’লহেঁতেন সেয়া কল্পনা কৰিলেও গাৰ নোম শিয়ঁৰি উঠে! স্থানীয় ৰাইজে কোৱা মতে মথাউৰিটো নিৰ্মাণৰ কাৰণে বাৰম্বাৰ আৱেন-নিবেদন কৰাৰ পিছতো চৰকাৰে অতদিনে কোনো গুৰুত্বই নিদিলে। ২২ টা পৰিয়ালৰ ঘৰ নিমিষতে ভাঙি বানৰ ধলে উটুৱাই লৈ গ’ল।

মনোজ তালুকদাৰ নামৰ এজন স্থানীয় লোকৰ পামৰ ৪ টা গৰু আৰু শ শ ব্রয়লাৰ পানীয়ে উটুৱাই লৈ যায়। নাৰিকল, তামোল গছ ভাঙি পৰি বহু পৰিয়ালৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন হৈছে। সকলোৰে খেতিপথাৰ পানীৰ তলত।”

তেওঁ পুনৰ কয় “কেৱল এমুঠি চাউল, দাইল, সামান্য পৰিমাণৰ মিঠাতেল বিতৰণ কৰিয়ে চৰকাৰে দায় সাৰিবলৈ যত্ন কৰিছে। আচলতে ইয়াৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে অসমৰ বান-বিধ্বস্ত ৰাইজক চৰম উপহাস কৰিছে, চূড়ান্ত উপলুঙা কৰিছে। কালৰূপী এইবাৰৰ বানত সৰ্বস্ব হেৰুওৱা মানুহৰ কাষত থিয় হোৱাৰ নামত লগত ‘টেলিভিচনৰ কেমেৰাৰ দল লগত লৈ মুখ্যমন্ত্ৰীজনে অতি নির্লজ্জভাবে নাটকীয় চৰিত্ৰত কৰাদি অভিনয় কৰি ফুৰাৰ বাহিৰে আৰু সকলো ‘কৰিম কৰিম’ বুলি চূড়ান্ত মিথ্যাচাৰেৰে ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে একো কৰিব পৰা নাই।”

আজিলৈকে এন ডি আৰ এফৰ পৰা এটা টকাও এই জটিল ক্ষণত অসমৰ ৰাইজৰ সাহায্যৰ বাবে মোকলাই আনিব নোৱৰাটো মুখ্যমন্ত্ৰীজনৰ চূড়ান্ত ব্যৰ্থতাৰ বাহিৰে আন একো নহয় বুলিও তীব্র সমালোচনা কৰে সাংসদগৰাকীয়ে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd