৬টা বলত ৬টা ছয়! শাস্ত্ৰী, যুৱৰাজ, ৰুতুৰাজৰ পিছত এইবাৰ কনিষ্ঠ হিচাপে কৃতিত্ব আন এক ভাৰতীয়ৰ

ভামশী কৃষ্ণ। ফটোঃ সংগ্ৰহীত।

এটা অভাৰৰ ছয়টা বলত ছয়টা ছয় মাৰিলে ভামশী কৃষ্ণই। বুধবাৰে চি কে নাইডু ট্ৰফীত অন্ধ্ৰ প্ৰদেশৰ যুৱ বেটছমেনগৰাকীয়ে ৬টা বলত ৬টা ছয় মাৰে। ২৩ বছৰ অনুৰ্ধ ক্ৰিকেটাৰগৰাকীয়ে ৰবি শাস্ত্ৰী, যুৱৰাজ সিং আৰু ৰুতুৰাজ গাইকৱাডৰ ৰেকৰ্ড স্পৰ্শ কৰে।

অন্ধ্ৰৰ খেলখন আছিল ৰে’লৱেৰ বিৰুদ্ধে। সেই মেচত ভামশীয়ে এটা অভাৰত ছয়টা ছয় মাৰে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

লগতে পঢ়কঃ Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

১৯৮৫ চনত শাস্ত্ৰীয়ে এটা অভাৰত ৬টা ছয় মাৰিছিল। ২০০৭ চনত মাৰিছিল যুৱৰাজ সিঙে। ২০২২ চনত ৰুতুৰাজে ৬টা বলত ছটা ছয় মাৰিছিল। কিন্তু ভামশীয়ে তেওঁলোকতকৈ কম বয়সতে এই কৃতিত্ব অৰ্জন কৰিলে।

বুধবাৰে ৰে’লৱেৰ হৈ বলিং কৰি আছিল দমনদীপ সিঙে। ভামশীয়ে তেওঁৰ অভাৰতে ৩৬ ৰান সংগ্ৰহ কৰে। অন্ধ্ৰৰ যুৱ বেটছমেনগৰাকীয়ে ৬৪টা বলত ১১০ ৰানৰ ইনিংছ খেলে। চাৰিদিনীয়া খেলত এনে ঘটনা সততে দেখা নাযায়। ভামশীয়ে এই দিনটো পাহৰিব নিবিচাৰিলেও স্পিনাৰ দমনদীপে অতি সোনকালেই এই দিনটো পাহৰিব বিচাৰিব।

লগতে পঢ়কঃ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে

সেই ছয়টা ছয় কেনেকৈ আহিছিল? প্ৰথম বলটো অফষ্টাম্পৰ বাহিৰত আছিল। ভামশীয়ে এটা স্লগছুইপ মাৰে। তেওঁ মিডউইকেটৰ ওপৰেৰে ছয় মাৰে। তাৰ পিছৰ বলটো ভামশীয়ে লং অনৰ ওপৰেৰে মাৰে। ডিপ ফাইনত তেওঁ চতুৰ্থ ছয়টো মাৰে। ভামশীয়ে পুনৰ পঞ্চম বলটো ছুইপ মাৰে। তেওঁ ডিপ স্কোৱাৰ লেগত ছয় মাৰে। ডিপ ফাইনত ভামশীয়ে পুনৰ শেষৰ ছয়টো মাৰে।

প্ৰথম ইনিংছত ৰে’লৱেই ৩৭৮ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভামশীৰ পৰাক্ৰমেৰে অন্ধ্ৰই ৮৬৫ ৰান সংগ্ৰহ কৰে।