NORTHEAST NOW (Assamese)

অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতীত নিৰ্মাণ কৰাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

November 30, 2022 12:25 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 30, 2022 12:29 pm

অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানাক বিভিক্ত কৰাৰ পিছে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী চহৰকলৈ নানান ধৰণৰ আলোচনা চলি আহিছে। ইতিমধ্যে অমৰাৱতীত ৰাজ্য খনৰ ৰাজধানী নিৰ্মাণ কৰাৰ পৰিকল্পনাও কৰা হৈছে। কিন্তু আজিলৈকে এমৰাৱতীত ৰাজধানী নিৰ্মাণৰ কামে বিশেষ অগ্ৰগতি লাভ কৰা নাই।

সেয়ে ৰাজধানী নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ অন্ধ্ৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ে সময় সীমা বান্ধি দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ বিষয়টোত হস্তক্ষেপ কৰি কৈছে যে অন্ধ্ৰ উচ্চ ন্যায়ালয় ‘নগৰ পৰিকল্পনাকাৰী’ হ’ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে কেতবোৰ সংগঠনৰ আবেদন গ্ৰহণ কৰি নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত ন্যায়ালয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব নালাগে বুলি মন্তব্য কৰে।

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় এজন “নগৰ পৰিকল্পনাকাৰী” বা “অভিযন্তা” হ’ব নোৱাৰে আৰু এই ক্ষেত্ৰত নিৰ্দেশনা দিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোচেফ আৰু ন্যায়াধীশ নাগাৰাথনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাসমূহ স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য অন্ধ্ৰপ্ৰদেশ উচ্ত ন্যায়ালয়ে ৰাজ্যখনৰ ৰাজধানী ছয় মাহৰ ভিতৰত অমৰাৱতীত নিৰ্মাণ কৰিব লাগিব বুলি কৈছিল।

উচ্চ ন্যায়ালয়ে কৈছিল যে ৰাজধানী চহৰ আৰু ৰাজধানী অঞ্চলৰ নিৰ্মাণ তথা বিকাশ ছমাহৰ ভিতৰত কৰিব লাগিব। উচ্চ ন্যায়ালয় চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষকো আন্তঃগাঁথনি উন্নয়ন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । অমৰাৱতীত ৰাজধানী চহৰ নিৰ্মাণৰ লগতে ৰাস্তা, জাৱৰ নিষ্কাশন , বিদ্যুৎ আৰু খোৱা পানীৰ যোগান এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কৈছিল। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে তেওঁলোকে বিষয়টো পুংখানুপুংখভাবে পৰীক্ষা কৰিব লাগিব ।

Related News