নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছ কণ্ডমে! : অন্ধ্ৰ প্ৰদেশত চলিছে “কণ্ডমৰ ৰাজনীতি”

অন্ধ্ৰপ্ৰদেশৰ সাম্প্ৰদায়িক ৰাজনীতিত গুৰুত্বপূৰ্ণ হৈ উঠিছে গৰ্ভনিৰোধৰ বাবে ব্যৱহাৰ কৰা কণ্ডম। কণ্ডমৰ বাবেই চলিছে বিবাদ, কণ্ডমেই আনিছে জনসমৰ্থন।

সন্মুখত লোকসভা নিৰ্বাচন। তাৰ পিছতে অনুষ্ঠিত হ’ব অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন। এই দুইটা নিৰ্বাচনৰ পূৰ্বে কণ্ডম ৰাজ্যখনৰ প্ৰচাৰৰ অন্যতম আহিলা হৈ পৰিছে। 

শাসক আৰু বিৰোধী দুয়োটা দলেই নিজ নিজ দলৰ নাম আৰু প্ৰতীকচিহ্ন থকা কণ্ডমৰ পেকেট জনসাধাৰণৰ মাজত বিতৰণ কৰি আছে। 

মানুহক ফোন কৰি  কৰি কণ্ডমৰ পেকেট বিতৰণ কৰিবলৈ চেষ্টা কৰিছে ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহে। এই কণ্ডম বিতৰণে ৰাজ্যত এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ১৫ ছেকেণ্ডৰ এই ভিডিঅ’ ক্লিপটোত মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ দলৰ নাম আৰু দলৰ প্ৰতীকচিহ্ন চিলিং ফেন সম্বলিত চিত্ৰিত নীলা কণ্ডমৰ পেকেট দেখা গৈছে। 

কিন্তু কেৱল শাসকীয় দলেই নহয়, এন চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়েও কণ্ডম বিতৰণ কৰিছে। তেওঁলোকৰ কণ্ডমৰ পেকেটৰ ৰং হালধীয়া। সেই পেকেটত টিডিপি দলৰ নামো আছে, লগতে দলৰ চিহ্নও আছে। ঘৰে ঘৰে প্ৰচাৰ চলাই দলৰ নিৰ্বাচনী ইস্তাহাৰ আৰু অন্যান্য নথি-পত্ৰৰ সৈতে এই কণ্ডমৰ পেকেট বিতৰণ কৰা হৈছে।