আকৌ অজুহাত : আদালতত উপস্থিত নহ’ল অনিল ৰাজা

17-02-18-Guwahati-Anil-Raja-addressing-media-4-768x456

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ পৰা বহিস্কৃত নেতা অনিল ৰাজা। ফাইল ফটো

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে তৰা মানহানি গোচৰৰ শুনানিৰ বাবে শনিবাৰে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল অনিল ৰাজাক। কিন্তু ৰাজাই এইবাৰ ভাগিনেকৰ বিয়াৰ দোহাই দি আদালতৰ পৰা দীঘলীয়া সময় বিচাৰে।

দুই পক্ষৰ অধিবক্তাই  বিষয়টো আলোচনা কৰি দণ্ডাধীশক জনোৱাত আদালতে ২০ এপ্ৰিলত শুনানিৰ বাবে পৰবৰ্তী দিন ধাৰ্য কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেইবাবাৰো শাৰীৰিক অসুস্থতাৰ বাবে আদালতত নিৰ্ধাৰিত দিনত তেওঁ উপস্থিত থকা নাছিল। আনহাতে, আজি আদালতত উপস্থিত থাকে গোচৰীয়া প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

ৰকিবুল হুছেইনে আদালতৰ পৰা ওলাই সংবাদ মাধ্যমক কয়, ‘’অনিল ৰাজাৰ দৰে এজন ৪২০ৰ এখন চিঠিৰ ভিত্তিত অসম চৰকাৰে মোৰ বিৰুদ্ধে তদন্ত চলাইছিল। ৰাজাই মোৰ বিৰুদ্ধে যি অভিযোগ আনিছিল সেইবোৰ মই এটা এটাকৈ খণ্ডন কৰিছো। মই আদালতত এই গোচৰটোৰ জৰিয়তে তেওঁক মোৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমুহ সত্য প্ৰমান কৰিবলৈ সুযোগ দিছিলো।‘’

তদুপৰি, অভিযোগ সমুহ প্ৰমাণ কৰিবলৈ আগবাঢ়ি নাহি অনিল ৰাজাই পলাই ফুৰা বুলি ৰকিবুল হুছেইনে মন্তব্য কৰে।

তেওঁ লগতে কয়,’’অসম চৰকাৰে এজন ৪২০ৰ চিঠিৰ ভিত্তিত মোৰ বিৰুদ্ধে প্ৰতিশোধ পৰায়ন ভাৱে গোচৰ চলাইছে। আনকি মোৰ ৮৫ বছৰীয়া বৃদ্ধা মাৰ বিৰুদ্ধেও চৰকাৰখনে গোচৰ তৰিবলৈ এৰা নাই।‘’

উল্লেখ্যোগ্য যে প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে দুৰ্নীতি আৰু আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগ তুলিছিল তেওঁৰেই একালৰ অতি ঘনিষ্ঠ অনিল ৰাজাই। সেই অভিযোগৰ ভিত্তিতেই অসম চৰকাৰে হুছেইনৰ বিৰুদ্ধে তদন্ত চলাইছিল।

ইয়াৰ পাছতেই মন্ত্ৰী ৰকিবুল হুছেইনে ৰাজাৰ বিৰুদ্ধে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত মানহানি গোচৰ তৰিছিল। এই মানহানি গোচৰ খাৰিজ কৰিবলৈ অনিল ৰাজাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যদিও উচ্চ ন্যায়াল্যয়ে সেই আবেদন নাকচ কৰে।