• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটলৈ হাতী যোগান: উদ্বেগ প্ৰকাশ চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 8:06 am
elephants supply to Gujarat

প্ৰতিনিধিত্বমূলক ছবি

1.9k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ মুঠ ৩০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি কেইবাখনো বাহনত ২০ টাকৈ হাতী স্থানান্তৰিত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে পশু অধিকাৰ সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে।

সংস্থাটোৱে এক বিবৃতিত কয়, “স্বাধীন ভাৰতৰ ৭৫ বছৰত সম্ভৱত এনে ঘটনা কেতিয়াও দেখা ঘটা নাই। ১৯ শতিকাত যুদ্ধৰ বাবে আমাৰ সীমান্তলৈ হাতী জাহাজেৰে পঠিওৱাৰ পিছত এনেদৰে হাতী স্থানান্তৰিত কৰা ঘটনা কেতিয়াও দেখা পোৱা নাই।”

বিভিন্ন বন্যপ্ৰাণী সংগঠনে প্ৰতিবাদ কৰাৰ পিছতো শুকুৰবাৰে পুৱা অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ পৰা ২০ টা হাতী গুজৰাটৰ অভিমুখে লৈ যোৱা হৈছিল।

খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া হাই-পাৱাৰ কমিটীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সহযোগত জামনগৰৰ ৰাধা কৃষ্ণ মন্দিৰ এলিফেণ্ট ট্ৰাষ্টলৈ হাতী যোগানৰ অনুমতি প্ৰদান কৰে।

পশু অধিকাৰ সংস্থাটোৱে জানিবলৈ দিয়া মতে, অৰুণাচল প্ৰদেশ আৰু উজনি অসমত হাতী পোৱালি ধৰা হয় আৰু তাৰ পিছত সমগ্ৰ ভাৰততে ব্যৱহাৰৰ বাবে নৃশংস প্ৰশিক্ষণ দি হাতীৰে ব্যৱসায় কৰা হয়।

ইয়াৰ উপৰিও যোৱা দুবছৰত অৰুণাচল প্ৰদেশৰ পৰা হাতী পোৱালি বদলিৰ বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে বুলিও চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে দাবী কৰে।

হাতীকেইটা পৰিবহণৰ সন্দৰ্ভত তদন্ত বিচাৰি সংস্থাটোৱে কয়, “আমি জানো যে হাতীৰ মালিকসকলে বনৰীয়া হাতী পোৱালিক পোহনীয়া হাতীৰ পোৱালি বুলি দেখুওৱাটো অতি সাধাৰণ কথা।

“সেয়ে হাতী স্থানান্তৰৰ যিকোনো আদেশৰ বাবে গভীৰ নিৰীক্ষণ, প্ৰসূতিৰ ডি এন এ পৰীক্ষাৰ দৰে বৈজ্ঞানিক অনুসন্ধান আৰু উত্তৰ-পূবৰ পৰাই বন্যপ্ৰাণী বিশেষজ্ঞৰ অংশগ্ৰহণৰ প্ৰয়োজন।”— বিবৃতিটোত লগতে এইদৰে কয় সংস্থাটোৱে।

এই সৰবৰাহে বন্যজীৱ সুৰক্ষা আইন, ১৯৭২ৰ লক্ষ্যক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে লগতে উচ্চ ক্ষমতাসম্পন্ন সমিতিক এই সন্দৰ্ভত হোৱা উদ্বেগৰ অন্ত পেলাবলৈ নিজৰ কাৰ্য্যবিধি ৰাজহুৱা কৰিবলৈ আহ্বান জনায়।

Recent News

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

কম বয়সতে পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায় কিয়? জানো আহক ১০ টা প্ৰধান কাৰণ

কম বয়সতে পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায় কিয়? জানো আহক ১০ টা প্ৰধান কাৰণ

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd