• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেৱভূমিত উত্তাল প্ৰতিবাদ: অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডত নাম সাঙোৰ খাই বহু বিজেপি নেতাৰ নাম

এন ই  নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 8:30 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ ঋষিকেশত ২০২২ চনত সংঘটিত হোৱা ১৯ বছৰীয়া অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডই পুনৰ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিজেপি নেতাৰ পুত্ৰৰ মালিকানাধীন বনান্তৰা ৰিচৰ্টত এগৰাকী কিশোৰীৰ ওপৰত হোৱা এই যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাত এতিয়া বিজেপি আৰু আৰএছএছৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ নাম সাঙোৰ খাই পৰিছে। ইয়াৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অহা ১১ জানুৱাৰীত ‘উত্তৰাখণ্ড বন্ধ’ৰ আহ্বান জনোৱা হৈছে।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ অভিনেত্ৰী তথা বিজেপিৰ এজন প্ৰাক্তন বিধায়কৰ পত্নী উৰ্মিলা চানাবৰে সামাজিক মাধ্যমত কিছু কথোপকথন ফাদিল কৰি অভিযোগ কৰিছে যে, অংকিতা ভাণ্ডাৰীক যিজন ব্যক্তিক সন্তুষ্ট কৰিবলৈ বাধ্য কৰা হৈছিল, তেওঁ আছিল বিজেপিৰ এজন অতি প্ৰভাৱশালী নেতা। এই অভিযোগত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দুষ্যন্ত গৌতমকে ধৰি কেইবাজনো নেতাৰ নাম চৰ্চালৈ আহিছে। যদিও অভিযুক্ত নেতাসকলে ইয়াক ষড়যন্ত্ৰ বুলি আখ্যা দিছে, ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছে।

Apply Now

বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যৰ মালিকানাধীন বনান্তৰা ৰিচৰ্টত ৰিচেপচনিষ্ট হিচাপে কাম কৰা অংকিতা ভাণ্ডাৰীক ২০২২ চনৰ ১৮ ছেপ্তেম্বৰত হত্যা কৰা হৈছিল। অভিযোগ অনুসৰি, এগৰাকী ‘VIP’ অতিথিক ‘বিশেষ সেৱা’ (যৌন সেৱা) দিবলৈ অস্বীকাৰ কৰা বাবেই অংকিতাক হত্যা কৰা হৈছিল। এই গোচৰত পুলকিত আৰ্য আৰু আন দুজন ইতিমধ্যে কাৰাগাৰত আছে, কিন্তু সেই ৰহস্যময় ‘VIP’ জনৰ পৰিচয় চৰকাৰে লুকুৱাই ৰখা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত হত্যাকাণ্ডৰ ঠিক পিছতেই বনান্তৰা ৰিচৰ্টত বুলড্ৰেজাৰ চলাই ভাঙি দিয়া হৈছিল। আন্দোলনকাৰী আৰু অংকিতাৰ পৰিয়ালৰ অভিযোগ যে তদন্তকাৰী দল আহি পোৱাৰ আগতেই গুৰুত্বপূৰ্ণ প্ৰমাণসমূহ (যেনে অংকিতাৰ কোঠা আৰু ফোন) ধবংস কৰিবলৈহে চৰকাৰে এই পদক্ষেপ লৈছিল।

ইফালে এতিয়া, মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু মহিলা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিৰোধী কংগ্ৰেছ দল আৰু জনসাধাৰণে এই সমগ্ৰ যৌন কেলেংকাৰীৰ নিৰপেক্ষ CBI তদন্তৰ দাবী তুলিছে। অংকিতা ভাণ্ডাৰীৰ ন্যায়ৰ দাবীত ১১ জানুৱাৰীত উত্তৰাখণ্ড বন্ধৰ আহ্বান জনোৱা হৈছে।

এন ই  নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd