পৌৰসভা নিৰ্বাচন: বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ ঘৰে ঘৰে প্ৰচাৰ চলালে অংকিতা দত্তই

সমাগত বঙাইগাঁও পৌৰসভা নিৰ্বাচনকলৈ অগপ, বিজেপিৰ লগতে বিৰোধী দল কংগ্ৰেছেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

বঙাইগাঁৱত বৰ্তমান কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি পূৰ্বৰ তুলনাত দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে ৷ দলটোৱে এইবাৰ ২৫ টা ৱাৰ্ডযুক্ত বঙাইগাঁও পৌৰসভা নিৰ্বাচনত ১৯ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ বিগত পৌৰসভা নিৰ্বাচনত দলটোৱে দুটা ৱাৰ্ড নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল ৷

কিন্তু এইবাৰ দলটোৰ বাবে বিজেপি আৰু অগপই বেলেগে বেলেগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত ইয়াৰ পূৰ্ণ সুযোগ ল’ব পাৰিলেহেতেন যদিও দলটোৱে যেন সেই সুযোগ লোৱাত ব্যৰ্থ হৈছে ৷

ইয়াৰ মাজতে প্ৰাৰ্থীসকলৰ লগতে দলীয় নেতা – কৰ্মীসকলে দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷

শেহতীয়াকৈ বঙাইগাঁৱত দলটোৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত উপস্থিত হৈ সন্ধিয়াৰ ভাগত কেইবাটাও ৱাৰ্ডত প্ৰাৰ্থীসকলৰ হৈ ব্যৱসায়িক প্ৰতিষ্ঠা আৰু ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে পৌৰসভাৰ ৩, ৬,৭ আৰু ১৯ নম্বৰ ৱাৰ্ডত এই নিৰ্বাচনী প্ৰচাৰ চলায় ৷

লগতে ১৯ নম্বৰ ৱাৰ্ডত এটা নিৰ্বাচনী কাৰ্যালয়ো মুকলি কৰে ৷ ইপিনে নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ মাজতে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই সংবাদ মাধ্যমৰ আগত কয় যে আমি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছো ৷

আমাৰ বিশ্বাস যে এইবাৰ বঙাইগাঁৱত আমি পৌৰসভা গঠন কৰিম ৷ হয় কঠিন হ’ব , কিন্তু আমি প্ৰত্যাহ্বানৰ সময়ত কংগ্ৰেছ কৰিবলৈ ওলাই আহিছো ৷ আজি ৰাইজ সুখী নহয় ৷ নগৰৰ ৰাইজ ক’ত সুখী হৈছে ৷

স্বচ্ছ ভাৰতৰ ডাঙৰ ডাঙৰ প্ৰচাৰ কৰিছে, পষ্টাৰ লগাইছে ৷ কিন্তু ইয়াৰ বিপৰীতে বঙাইগাঁও চহৰখন কিমান স্বচ্ছ হৈ আছে ?য’তে ততে জাৱৰ দম।

এই পৌৰসভা নিৰ্বাচনত ৰাইজে এটা প্ৰত্যুত্তৰ দিব বুলি দত্তই মন্তব্য কৰে ৷

নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য , জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাৰদা ৰায় চৌধুৰী, ৱাৰ্ডৰ প্ৰাৰ্থীসকলকে ধৰি দলৰ নেতা- কৰ্মীয়ে সংগ দিয়ে ৷