তামুলপুৰত লাউপাৰা মেধি চুবুৰী গঞা নামঘৰৰ বাৰ্ষিক মহোৎসৱৰ সামৰণি
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লাউপাৰা মেধি চুবুৰী গঞা নামঘৰৰ ৫৪ সংখ্যক বাৰ্ষিক মহোৎসৱ ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।
২৪ অক্টোবৰৰ পুৱা ৬ বজাত নামঘৰত শৰাই স্থাপন কৰাৰ পিছত ৭ বজাত পাঠক ভূপেন বৈশ্যৰ তত্বাৱধানত অনুষ্ঠিত হয় প্ৰাতঃ প্ৰসঙ্গ। পুৱা ৮ বজাত নামঘৰ চৌহদত ধৰ্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি কবিন্দ্ৰ মেধিয়ে। পুৱা ৯ বজাত বৃক্ষ ৰোপণ কৰে সমাজকৰ্মী খেম বাহাদুৰ থাপা আৰু নোমল বড়োই। ৯-৩০ বজাত অনুষ্ঠিত হয় কণ-কণ ল’ৰা-ছোৱালীৰ মাজত খেল-ধেমালি।
বুধবাৰে সন্ধিয়া ৪-৩০ বজাত নামঘৰ চৌহদত বন্তি প্ৰজ্বলন কৰে টেবিতোলা মাজৰ চুবুৰী নামঘৰৰ নামঘৰীয়া নাৰায়ণ বৈশ্য আৰু দক্ষিণ চুবুৰীৰ নাৰায়ণ দাসে। সন্ধিয়া ৫-৩০ বজাত আয়তীসকলৰ দ্বাৰা নাম প্ৰসঙ্গ অনুষ্ঠিত হয়।
২৫ অক্টোবৰ অৰ্থাৎ বৰ্ষ্পতিবাৰে পুৱা ৬ বজাত মেধি চুবুৰী নামঘৰৰ নামঘৰীয়া দীনেশ মেধিয়ে শৰাই স্থাপন কৰাৰ পিছত ৭ বজাত পাঠক ভবেন ৰাজবংশীৰ তত্বাৱধানত প্ৰাতঃ প্ৰসঙ্গ অনুষ্ঠিত হয়।
পুৱা ৯ বজাত কৃষ্ণ দাস, কুমুদ বৈশ্য আৰু শচীন দাসৰ পৰিচালনাত অনুষ্ঠিত হয় ভাগৱত শোভাযাত্ৰা। অঞ্চলটোৰ পাঁচ শতাধিক ধৰ্মপ্ৰাণ পুৰুষ-মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰীয়ে হৰিনাম-কীৰ্তন কৰি শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে আৰু সমগ্ৰ লাউপাৰা অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰে। শোভাযাত্ৰাত অংশ গ্ৰহণকাৰী ভক্তপ্ৰাণ বাপ-বান্ধৱ, আই-মাতৃ সকলে নাগাৰাৰ তালে তালে হৰিনাম-কীৰ্তন কৰি মুখৰিত কৰি তোলে সমগ্ৰ লাউপাৰা অঞ্চলৰ আকাশ-বতাহ।
দুপৰীয়া ১ বজাত ধৰ্মপ্ৰাণ ব্যক্তি সকলৰ মাজত মহা প্ৰসাদ বিতৰণ কৰা হয়। সন্ধিয়া ৪-৩০ বজাত বন্তি প্ৰজ্বলন আৰু নাম-কীৰ্তনেৰে লাউপাৰা মেধি চুবুৰী গঞা নামঘৰৰ ৫৪ সংখ্যক বাৰ্ষিক মহোৎসৱৰ সামৰণি পৰে।