NORTHEAST NOW (Assamese)
অসম

ইউনাইটেড গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা ১০ দিনীয়া প্ৰশিক্ষণ

Posted by: উত্তম শইকীয়া October 25, 2018 7:21 pm

ইউনাইটেড গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা গোলাঘাটৰ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান প্ৰেক্ষাগৃহত আজিৰ পৰা এটা ১০ দিনীয়া আচাৰ, পাপৰ আৰু মচলা বনোৱা প্ৰশিক্ষণ আৰম্ভ হৈছে।

এই প্ৰশিক্ষণটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা মুঠ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থী য়ে অংশ গ্ৰহণ কৰিছে ।

ইউনাইটেড গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক বিদ্যুত খাতনিয়াৰে আঁত ধৰা প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানটোত গোলাঘাট পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলি গগৈ, উপ পৌৰপতি জুৰি গগৈ ৰাজখোৱা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাটৰ জিলা প্ৰকল্প পৰিচালক  লক্ষ্মী নন্দন গোস্বামী, অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ গোলাঘাট নগৰ জীৱিকা মিচনৰ পৰিচালক সমীৰ দত্ত আৰু পাপৰি কলিতা উপস্থিত থাকে।

আজিৰ অনুষ্ঠানটোত উপস্থিত বিশিষ্ট ব্যক্তিসকলে তেওঁ লোকৰ ভাষণ প্ৰসংগত এই প্ৰশিক্ষণৰ প্ৰশংসা কৰাৰ লগতে আচাৰ, পাপৰ আৰু মচলা বনোৱা উদ্যোগৰ দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক স্বৰোজগাৰী হ’বলৈ আহ্বান জনায়।