• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনকৰা যুৱতীক নিৰ্যাতনৰ অভিযোগ : গুৱাহাটীত ৰকিবুল হুছেইনৰ ভগ্নীৰ ঘৰত আৰক্ষীৰ অভিযান

মুকুট দাস by মুকুট দাস
October 25, 2018 8:16 pm
chandmari
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনকৰা যুৱতীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত বৃহস্পতিবাৰে দিনৰ প্ৰায় ২-৩০ মান বজাত মহানগৰীৰ গান্ধীবস্তি তিনিআলিত থকা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ ভগ্নী চাবানা চুলতানাৰ ঘৰত চানমাৰি আৰক্ষীয়ে অভিযান চলায়।

বিগত ১০ বছৰ ধৰি আব্দুল লতিফুৰ আৰু চাবানা চুলতানাৰ ঘৰত বনকৰা হিচাপে থকা ২৫ বছৰীয়া যুৱতীগৰাকীক মাইফুল বেগম বুলি চিনাক্ত কৰা হৈছে। যুৱতী গৰাকীৰ ঘৰ কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত বুলি জানিব পৰা গৈছে।

Apply Now

ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে ৰকিবুল হুছেইনৰ ভগ্নীৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল।

চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন ডেকাই নৰ্থইষ্ট নাওৰ আগত কয় যে চানমাৰি আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে আবেলি গান্ধীৱস্তি তিনিআলিৰ লতিফুৰ ৰহমানৰ ঘৰৰ পৰা ভুক্তভোগী যুৱতীগৰাকীক উদ্ধাৰ কৰে।

ডেকাই কয় যে ৰহমান পৰিয়ালে পূৰ্বতে কেইবাবাৰো যুৱতীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল আৰু তাইক নিৰ্যাতনৰ বিষয়ে প্ৰকাশ নকৰিবৰ বাবে ব্লেকমেইল কৰিছিল।

আৰক্ষী সূত্ৰই লগতে কয় যে যুৱতীগৰাকীয়ে যদিওবা কেইবাৰো ৰহমানৰ ঘৰৰ পৰা বনকৰা ছোৱালীৰ কামটো এৰি যোৱাৰ প্ৰচেষ্টা চলাইছিল, তাইক বিয়া দিয়াৰ প্ৰলোভন দি বলপূৰ্বক ৰখা হৈছিল।

ভাৰপ্ৰাপ্ত বিষয়া বীৰেন ডেকাই কয়, ‘’ অভিযোগ অনুসৰি যুৱতীগৰাকীক যোৱা সোমবাৰে আব্দুল লতিফুৰ ৰহমানৰ পৰিয়ালে বেয়াকৈ মাৰধৰ কৰিছিল। ইয়াৰ পিছতে তাই তাৰ পৰা পলাই গৈ চুবুৰীয়াৰ ঘৰৰ পৰা সহায় বিচাৰিছিল। কিন্তু ৰহমানৰ পৰিয়ালে বলপূৰ্বক তাইক ঘৰলৈ লৈ আনে।‘’

ভুক্তভোগী গৰাকীৰ জ্যেষ্ঠ ভাতৃ আজমল আলীয়ে চানমাৰি থানাত এখন এজাহাৰ দাখিল কৰিছে। চানমাৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২, ৩২৫ আৰু ৩৪ ধাৰাৰ অধীনত এটা (৯৮২/১৮ নং) গোচৰ ৰুজু কৰিছে।

আৰক্ষী বিষয়া ডেকাই কয় যে আৰক্ষীয়ে ৰহমানৰ পৰিয়ালক আৰক্ষী থানাত হাজিৰ হোৱাৰ বাবে এক জাননী জাৰি কৰিব আৰু শুকুৰবাৰে ভুক্তভোগী গৰাকীৰ ভাষ্য লিপিবদ্ধ কৰিব।

তেওঁ লগতে কয়, ‘’ ঘটনাটো আমাৰ থানাৰ আওতাত পৰাৰ বাবে পল্টন বজাৰ আৰক্ষী থানাই গোচৰটো আমালৈ পঠিয়াই দিছে। আজমল আলী আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ আন সদস্যসকলে বৃহস্পতিবাৰে আৰম্ভণিতে অভিযোগ দাখিল কৰিবলৈ পল্টন বজাৰ থানালৈ গৈছিল।‘’

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd