গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান মাদাপাৰাত বিভাগীয় কৰ্তৃপক্ষই বিতৰণ কৰা ভোটাৰ আই কাৰ্ড (পৰিচয় পত্ৰ) সমূহত চূড়ান্ত বিসংগতি দৃষ্টিগোচৰ হৈছে ৷
প্ৰাপ্ত তথ্য মতে পুৰুষৰ ভোটাৰ কাৰ্ডত মহিলাৰ ফটো সংলগ্ন হোৱাৰ বিপৰীতে মহিলাৰ কাৰ্ডত সন্নিবিষ্ট হৈছে পুৰুষৰ ফটো। উল্লেখযোগ্য যে মাদাপাৰাৰ প্ৰায় সংখ্যক লোকৰে ভোটাৰ পৰিচয় পত্ৰত এই বিসংগতি ধৰা পৰিছে।
এই সম্পৰ্কে ৰাইজে বহুবাৰ অভিযোগ কৰিছে যদিও ভোটাৰ কাৰ্ডসমূহ সলনিৰ ক্ষেত্ৰত জিলা প্ৰশাসন বা নিৰ্বাচনী বিভাগ কোনেও আজিলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰে।
উল্লেখযোগ্য যে বিভিন্ন কামত প্ৰয়োজন হাৱা ভোটাৰ কাৰ্ড এতিয়া বিসংগতিৰ বাবে অঞ্চলটোৰ এজনো নাগৰিকে একো কামতে ব্যৱহাৰ কৰিব নোৱাৰাত মাদাপাৰাবাসীৰ মাজত তীব্ৰ ক্ষোভে গা কৰি উঠিছে ৷ ক্ষোভিত স্থানীয় লোকসকলে শীঘ্ৰে কাৰ্ডসমূহ সংশোধন কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷