NORTHEAST NOW (Assamese)

অসমত ক’ৰ’নাৰ অদমনীয় গতি; আজি পুনৰ ২৯০০ গৰাকী লোক প’জিটিভ

August 10, 2020 10:59 pm · এন ই নাও নিউজ

অসমত ভয়াবহ হাৰত বৃদ্ধি পাই আছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

আজি পুনৰ অসমত ২৯০০ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

আজি প’জিটিভ পোৱা লোক সকলৰ ভিতৰত ৩৮২ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ২৯৪ গৰাকী কামৰূপ গ্ৰাম্যৰ, ২৫০ গৰাকী ডিব্ৰুগড়ৰ আৰু ২০০ গৰাকী নগাঁও জিলাৰ।

ইয়াকে লৈ অসমত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬১৭৩৭ গৰাকীলৈ বৃদ্ধি পালে।

অসমত ৪২,৩২৫ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে ১৫১ গৰাকী লোকে মৃত্যু মুখত পৰিছে।

আজিও পাঁচগৰাকী লোকে চিকিৎসালয়ত মৃত্যুক আকোৱালি লয়।

আজি মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- শোণিতপুৰৰ সঞ্জীৱ কুমাৰ ভূঞা (৫২), কৰিমগঞ্জৰ চুবিৰ কুমাৰ দাস (৭০), ডিব্ৰুগড়ৰ চালিল চৌধুৰী (৫৮) আৰু কামৰূপ মহানগৰ জিলাৰ ক্ৰমে সন্তোষ ভট্টাচাৰ্য্য (৬৮), চন্দন মহন্ত (২৬), অশোক কে চৌধুৰী (৬৫)।

বৰ্তমান ৰাজ্যত মুঠ ১৯২৫৮ গৰাকী সক্ৰিয় কোভিড ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News