• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত বিজেপি নেত্ৰীৰ পুত্ৰই আক্ৰমণ কৰিলে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 11, 2020 6:48 am
20200810_231529

মাৰপিটৰ ঘটনাত অভিযুক্ত বিজেপি নেত্ৰীৰ পুত্ৰ। ফটো: নৰ্থইষ্ট নাও

1.2k
VIEWS
Share on FacebookShare on Twitter

কেইদিনমানৰ পূৰ্বে শিৱসাগৰৰ বিজেপি নেত্ৰীৰ পুত্ৰই কন্টেইনমেন্ট জ’নত থকা ব্যক্তিক উপলুঙা মন্তব্য কৰা কাৰ্যৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এগৰাকী বিজেপি নেত্ৰীৰ পুত্ৰৰ উদ্ভণ্ডালিয়ে শিৱসগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এইবাৰ বিজেপি নেত্ৰীৰ পুত্ৰৰ আক্ৰমণৰ বলি হ’ল শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী।

সুৰাৰ ৰাগীত মাতাল হৈ তিনি সতীৰ্থৰ সৈতে আক্ৰমণ চলালে শিৱসাগৰ জিলা উপায়ুক্তৰ গোপনীয় সহায়ক অৰবিন্দ গগৈক।

শিৱসাগৰৰ লক্ষ্মীনগৰৰ দিখৌৰ মথাউৰিৰ সমীপত ঘটনাটো সংঘটিত হৈছে।

দেওবাৰে কাৰ্যালয়ৰ বিশেষ কাম সম্পন্ন কৰি ৰাতি শহুৰৰ গৃহলৈ গৈ থকা অৱস্থাত  কেইজনমান সুৰাপৰীয়া যুৱকে ৰাজপথত শুই উদ্ভণ্ডালি কৰি থকাৰ কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই যুৱকৰ দলটোৱে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীজনক আক্ৰমণ চলায়।

কৰ্মচাৰীজনে আৰক্ষীক খবৰ দিয়াত তেওঁৰ ফোনটো ভাঙি পেলায় দূৰ্বৃত্তকেইটাই।

পাছত  সমীপৰ এখন দোকানত সুমুৱাই উপায়ুক্তৰ গোপনীয় সহায়কজনক খুকুৰী, দাৰে আক্ৰমণৰ চেষ্টা চলায়।

অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে কৰ্মচাৰীজন।

ঘটনা সন্দৰ্ভত সোমবাৰে অৰবিন্দ গগৈয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু শিৱসাগৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ৯৩৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৪২৭/২৯৪(এ)/৩২৩ আৰু ৩৪ ধাৰাৰ গোচৰ ৰুজু কৰি সোমবাৰে সন্ধিয়া তিনি যুৱকক আটক কৰে।

আটক কৰা যুৱক কেইজন হ’ল লক্ষ্মীনগৰৰ ৰিপুনজ্যোতি বৰপাত্ৰগোঁহাই, চম্পক বৰুৱা আৰু গোবিন ফুকন। ইয়াৰে চম্পক বৰুৱা হল শিৱসাগৰৰ বিজেপি নেত্ৰী তথা ১৪ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ পুত্ৰ।

ইপিনে, শাসকীয় দলৰ নেত্ৰীৰ গুৰু গোঁসাই নমনা পুত্ৰৰ নেতৃত্বত মাতাল যুৱকৰ দলে এইদৰে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক আক্ৰমণ কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd