হাৱালাৰ ধন লেনদেন গোচৰত গুৱাহাটীত গ্ৰেপ্তাৰ আন এজন অসম আৰক্ষীৰ বিষয়া

প্ৰতিনিধিত্বমূলক ফটো।

হাৱালাৰ ধন লেনদেন গোচৰৰ সৈতে জড়িত আৰু এজন অসম আৰক্ষীৰ বিষয়াক গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অসম আৰক্ষী বিষয়াজনৰ নাম অনুৰাগ বৰা।

অনুৰাগ বৰাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু গুৱাহাটীৰ ভৰলুমুখ থানাত নিযুক্ত আছিল।

বাতৰি অনুসৰি, অনুৰাগ বৰাক গুৱাহাটীৰ বাসগৃহৰ পৰা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ হাতত থকা হিচাপ বিহীন নগদ ধনো উদ্ধাৰ কৰা হয়।

লগতে পঢ়কঃ এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

উল্লেখযোগ্য যে অসম আৰক্ষীয়ে হাৱালাৰ ধন লেনদেন গোচৰৰ সৈতে জড়িত এই পৰ্যন্ত কৰা গ্ৰেপ্তাৰৰ ভিতৰত এয়া পঞ্চমটো ঘটনা।

ইয়াৰ পূৰ্বে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৃহস্পতিবাৰে (৩০ নৱেম্বৰ) কয় যে অসম আৰক্ষীয়ে চলোৱা হাৱালাৰ ধন লেনদেনৰ তদন্তৰ অংশ হিচাপে আন চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

গুৱাহাটী আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, ‘২১ নৱেম্বৰত আঠগাঁও অঞ্চলৰ এটা ভাড়াঘৰত চলি থকা সন্দেহজনক কাৰ্যকলাপৰ প্ৰাসংগিক তথ্য লাভ কৰি অভিযান চলাইছিল। অভিযানত ১,৬৯,৭০,০০০ টকাৰ নগদ ধন আয়কৰ বিভাগে জব্দ কৰে।”

লগতে পঢ়কঃ প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

তেওঁ লগতে জনায়, “জব্দৰ পিছত আমি জানিব পাৰিছিলোঁ যে একেটা ঠাইতে আন এক পৰিমাণৰ ধন আছিল যিবোৰ প্ৰৱঞ্চনামূলকভাৱে আত্মসাৎ কৰা হৈছিল। এই সন্দৰ্ভত আমি হাজোৰ পৰা খাইৰুল হক নামৰ এজন ব্যক্তিক আটক কৰি তেওঁৰ বাসগৃহৰ পৰা ৭,৫০,০০০ টকা জব্দ কৰিছো। এই ব্যক্তিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি আন তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো। ভৰলু আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মুবাৰক আলী, তাফিক উদ্দিন আহমেদ নামৰ এজন সাংবাদিক আৰু আন এজন ব্যক্তি। ইয়াৰ সৈতে মুঠ চাৰিজন লোকক আটক কৰি হাৱালা লেনদেনৰ সৈতে জড়িত ৩৭,৮০,০০০ টকাৰ নগদ ধন জব্দ কৰা হৈছে। বৰ্তমান তদন্ত চলি আছে।’