DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ অভ্যন্তৰত বিদ্ৰোহৰ ইংগিত; জাতিৰ স্বাৰ্থত বিধেয়কৰ মুকলি বিৰোধিতা আন এজন বিধায়কৰ

এজন এজনকৈ বাঢ়িছে বিধেয়কৰ বিৰোধিতা কৰা বিজেপিৰ বিধায়কৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2019 9:14 am
Debananda Hazarika

বিজেপিৰ বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা। ফটোৰ উৎস : ফেইচবুক।

1.8k
VIEWS
Share on FacebookShare on Twitter

অসম বিজেপিয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিলেও জাতিৰ স্বাৰ্থত এজনৰ পাছত আন এজনকৈ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সাহসেৰে ওলাই আহিছে ইয়াৰ বিধায়কসকল। কেইবাজনো বিধায়কে ইতিপূৰ্বে বিধেয়কখনৰ বিৰোধিতাত সৰৱ হৈ থকাৰ সময়তে দলক অধিক অস্বস্তিত পেলাই এইবাৰ মুকলি বিৰোধিতা কৰিছে দলটোৰ বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাই।

বিধায়ক হাজৰিকাই ১৬ জানুৱাৰিত সংবাদ মাধ্যমৰ আগত বিধেয়কখনৰ বিৰোধিতা কৰা বুলি নিজৰ স্পষ্ট স্থিতি প্ৰকাশ কৰে। ‘মই এজন অসমীয়া হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ।‘ বিধায়কজনে কয়।

নিজকে অসম আন্দোলনত অংশ লোৱা মানুহ বুলি কৈ কয়, ‘মই সেই আন্দোলনত অংশ লোৱা মানুহ। সেই সময়ত মই চাকৰি এৰি ৰাস্তাই-ঘাটে আন্দোলন কৰি ফুৰিছিলোঁ।‘

‘বিধেয়কখনৰ জৰিয়তে এটা বিশেষ জাতিক আনি আই অসমীৰ বুকুত স্থান দিব বিচাৰিছে, মই ইয়াক কোনো কাৰণতে মানি ল’ব নোৱাৰোঁ।‘ বিধায়কজনে কয়।

ইয়াৰ উপৰি তেওঁ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত মুখ্য মন্ত্ৰী সোণোৱালক শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে ইতিপূৰ্বে দলটোৰ দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি স্পষ্ট স্থিতি প্ৰকাশ কৰিছে।

মন কৰিব লগীয়া যে অসম বিজেপিয়ে যিমানেই বিধায়কসকলৰ মুখ বন্ধ ৰাখিব খুজিছে, বিধেয়কখনৰ বিৰোধিতা কৰা বিধায়ক সিমানেই বৃদ্ধি পাব ধৰিছে। আনকি এটা অনিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰা মতে, দলত আন বহুকেইজন বিধায়ক এই বিধেয়কখনৰ বাবেই অসন্তুষ্ট হৈ আছে আৰু যিকোনো সময়ত ইয়াৰ বিস্ফোৰণ হ’ব পাৰে।

Recent News

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd