• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

আই পি এফ টিৰ সংগ এৰিলে যুৱ নেতা শুক্লা চৰণ নোৱাটিয়াই

পিনাকী দাস by পিনাকী দাস
April 9, 2019 9:54 am
Shukla Charan Noatia

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মিত্ৰদল আই পি এফ টিত মোক্ষম আঘাত হানি দলত্যাগ কৰে সাধাৰণ সম্পাদক তথা যুৱ নেতা শুক্লা চৰণ নোৱাটিয়াই। জানিব পৰা মতে নোৱাটিয়াই কংগ্ৰেছ দলত যোগদান কৰিব।

সোমবাৰৰ দিনটোত আই পি এফ টি ত্যাগ কৰা শুক্লা হ’ল দ্বিতীয়জন শীৰ্ষ পৰ্যায়ৰ নেতা। শুক্লাৰ পূৰ্বে সোমবাৰে আই পি এফ টি ত্যাগ কৰিছিল দলটোৰ উপ সভাপতি তথা জ্যেষ্ঠ নেতা অনন্ত দেববাৰ্মাই। দলত্যাগ কৰিয়েই দেববাৰ্মাই আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন আগবঢ়াব বুলি মন্তব্য কৰিছে।

Apply Now

ত্ৰিপুৰা স্মল ইণ্ডাষ্ট্ৰিয়েল কৰ্প’ৰেশ্যন চেয়াৰমেনৰ দায়িত্বত থকা শুক্লাই আই পি এফ টিৰ হৈ পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছিল। কিন্তু মনোনয়ন পত্ৰ পুনৰীক্ষণৰ সময়ত তেওঁৰ মনোনয়ন বাতিল হয়।

চেয়াৰমেনৰ দায়িত্বৰ পৰা অব্যাহতি নোলোৱা বাবেই তেওঁৰ মনোনয়ন বাতিল হোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

দল এৰিয়েই আই পি এফ টিৰ বিৰুদ্ধে সৰৱ হৈ পৰে যুৱ নেতা শুক্লা। তেওঁ কয় যে দলে পৃথক তিপ্ৰালেণ্ড ৰাজ্য গঠনৰ উদ্দেশ্য তথা নিৰ্বাচনৰ সময়ত মূল ইচ্ছ্যু হিচাপে লৈ শাসনত আহিল কিন্তু এতিয়া সেই প্ৰসংগটোৰ পৰা ফালৰি কাটি আহিছে।

ইফালে পৃথক তিপ্ৰালেণ্ডৰ প্ৰসংগটো মানি নোলোৱা কংগ্ৰেছৰ সন্মুখত তেওঁৰ স্থিতি একেই থাকিব নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সদ্য পদত্যাগী আই পি এফ টিৰ নেতাজনে অতি কৌশলী স্থিতি অৱলম্বন কৰা দেখা যায়। তেওঁ কয় যে বৰ্তমান চিন্তাৰ বিষয় হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক। বিজেপিক শাসনৰ পৰা ওফৰাই এই বিধেয়কখন নোহোৱা কৰাটোৱেই এতিয়া লক্ষ্য।

বিজেপি দলে সোমবাৰে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোক ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতে উত্তৰ-পূবৰ অন্য ৰাজ্যৰ লগতে ত্ৰিপুৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সোমবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱৱৰ্মাৰ উপস্থিতিত শুক্লাই আই পি এফ টিৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে আৰু অতি শীঘ্ৰে কংগ্ৰেছ দলত যোগদান কৰিব বুলি জনায়।

উল্লেখ্য যে যোৱা ২ এপ্ৰিলত আই পি এফ টিৰ জ্যেষ্ঠ নেতা তথা উপ সভাপতি কৃতিমোহন ত্ৰিপুৰাৰ নেতৃত্বত দলটোৰ বহু সদস্যই আই পি এফ টিৰ পৰা ওলাই আহিছিল।

Tags: নিৰ্বাচন ২০১৯
পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd