NORTHEAST NOW (Assamese)

যোৰহাটত আৰু এগৰাকী বিদেশীক আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

August 27, 2019 9:05 pm · এন ই নাও নিউজ
বিদেশী ন্যায়াধীকৰণ।উৎস-ইণ্টাৰনেট

বহুবছৰ পূৰ্বে বিদেশী হিচাপে চিনাক্ত কৰা ৰাজিজুল হক(৪০) নামৰ ব্যক্তিগৰাকীক সোমবাৰে নিশা ৰাজাময়দানৰ নেতাজী নগৰ অঞ্চলৰ পৰা আৰক্ষীৰ সীমান্ত বাহিনীয়ে আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।

সীমান্ত সুৰক্ষা বাহিনীৰ এক সূত্ৰই জনোৱা মতে হকক যোৰহাট বিদেশী ন্যায়াধীকৰণে ২০০৬ চনত বিদেশী হিচাপে ঘোষণা কৰিছিল আৰু ব্যক্তিগৰাকী বিদেশী বুলি ঘোষিত হোৱাৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল।

সূত্ৰত প্ৰকাশ কৰা মতে, যোৰহাট বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা ৫০০০ ত কৈও অধিক লোক এতিয়াও পলাতক অৱস্থাত আছে।

আটক হোৱা ৰাজিজুল হক কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাসিন্দা।

আনহাতে, বিগত জুন মাহত দলী ৰয় আৰু সমীৰণ বিবি নামৰ দুগৰাকী মহিলাক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল।

দলী ৰয়ৰ ঘৰ বৰপেটাত আৰু সমীৰণ বিবিৰ ঘৰ কোকৰাঝাৰৰ গোসাইগাঁৱত।

Related News