NORTHEAST NOW (Assamese)

এগৰাকী চিকিৎসককে ধৰি ৰাজ্যত পুনৰ চাৰিগৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু; মৃতকৰ সংখ্যা ৪০ লৈ বৃদ্ধি

July 13, 2020 10:32 pm · এন ই নাও নিউজ
Updated: July 13, 2020 10:34 pm

অসমত পুনৰ চাৰিগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ ফলত অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪০ গৰাকীলৈ বৃ্দ্ধি পালে।

আজি মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে গোলাঘাটৰ উত্তম দাস (৩১), কামৰূপ মহানগৰ জিলাৰ কেশৱ কুমাৰ বৰুৱা (৬২) আৰু কাৰ্তিক কলিতা (৩০), জাহান ইকবাল আহমেদ (৫৬)।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা জাহান ইকবাল আহমেদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা আটাইকেইগৰাকী লোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ মুঠ ১৬,৮০৬ গৰাকী লোক ক’ৰ’না সংক্ৰমিত হৈছে আৰু ইয়াৰ ভিতৰত ১০,৮৯৪ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

বৰ্তমান ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত মুঠ ৫৮৭৩ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

Related News