বিপদে লগ নেৰা হৈছে দেশৰ প্ধান বিৰোধী দল কংগ্ৰেছক। আজি দলৰ এগৰাকী জেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত তেওঁৰ পথকে অনুসৰণ কৰি কংগ্ৰেছ এৰিছে ৰাজ্যখনৰ আন পাঁচগৰাকী নেতাইও।
জম্মু-কাশ্মীৰ কংগ্ৰেছৰ নেতা গোলাম মহম্মদ চাৰুৰী, হাজী আব্দুল ৰছিদ, মহম্মদ আমিন ভট্ট, গুলজাৰ আহমেদ ৱানী, চৌধুৰী আক্ৰাম মহম্মদ আৰু চলমান নিজামীয়ে গুলাম নবী আজাদৰ সমৰ্থনত দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে।
উল্লেখ্য যে গুলাম নবী আজাদে কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰাৰ পিছতে ক্ষোভ প্ৰকাশ কৰি আজি কংগ্ৰেছ দল ত্যাগ কৰে।
প্ৰবীণ নেতা গৰাকীয়ে আজি ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল।
পদত্যাগ পত্ৰত তেওঁ ৰাহুল গান্ধীক তীক্ষ্ণ আক্ৰমণ কৰি এজন ৰিম’ট কণ্ট্ৰোল মডেলে কংগ্ৰেছৰ প্ৰতিষ্ঠানগত অখণ্ডতা ধ্বংস কৰিছে বুলি অভিযোগ কৰিছিল।
লগতে ৰাহুল গান্ধীৰ নিৰাপত্তাৰক্ষী আৰু ব্যক্তিগত সচিবেও আনকি দলীয় সিদ্ধান্ত গ্ৰহণ কৰে বুলিও ক্ষোভিত আজাদে পত্ৰখনত দাবী কৰিছিল। সকলো জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাক গুৰুত্বহীন কৰি অনভিজ্ঞ আৰু অপৰিপক্ক নেতাই দলটোৰ কাম-কাজ চলাবলৈ আৰম্ভ কৰিছিল বুলি আজাদে অভিযোগ কৰিছিল।
ইফালে আজাদৰ লগতে এই পাঁচগৰাকী নেতাৰ পদত্যাগৰ পিছত কংগ্ৰেছে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়ৰ ওপৰত বিজেপিৰ বিৰুদ্ধে যুঁজাৰ এই ভয়াৱহ সময়ত গ্ৰহণ কৰা এনে পদক্ষেপক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।