• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ নেপালী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ! ভুৱনেশ্বৰৰ KIITত ৯০ দিনৰ ভিতৰত দ্বিতীয়টো মৃত্যুৰ ঘটনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 2, 2025 10:28 am
198
VIEWS
Share on FacebookShare on Twitter

কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ মহিলা হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী নেপালী ছাত্ৰীৰ ওলমি থকা মৃতদেহ।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ছাত্ৰীগৰাকীক তেওঁৰ হোষ্টেলৰ কোঠাৰ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

বিশ বছৰীয়া যুৱতীগৰাকীয়ে ওড়িশাৰ ভুৱনেশ্বৰৰ সেই শিক্ষানুষ্ঠানৰ কম্পিউটাৰ বিজ্ঞান বিভাগত বি টেক পঢ়ি আছিল।

আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, “কে আই আই টিৰ মহিলা হোষ্টেলৰ এটা কোঠাৰ পৰা এগৰাকী নেপালী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সম্ভৱতঃ তেওঁ আত্মহত্যা কৰিলে।” এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, হোষ্টেলৰ ১১১ নম্বৰ কোঠাৰ পৰা ছাত্ৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

একেখন প্ৰতিষ্ঠানৰ আন এগৰাকী নেপালী ছাত্ৰী প্ৰকৃতি লামছালে যোৱা ১৬ ফেব্ৰুৱাৰীত আত্মহত্যা কৰিছিল। সেই ঘটনাটোৱেও আলোড়নৰ সৃষ্টি কৰিছিল। সেই ঘটনাৰ মাত্ৰ আঢ়ৈ মাহৰ পিছতে এই ঘটনাটো ঘটিল। একেদৰে একে ঠাইতে একেটা গোষ্ঠীৰ দুই ছাত্ৰীৰ মৃত্যুৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে।

প্ৰথম ঘটনাটোত লক্ষ্ণৌৰ এজন চিভিল ইঞ্জিনিয়াৰৰ পুত্ৰ আৰক্ষীৰ হাতত ধৰা পৰে। ল’ৰাটোৱে ভুক্তভোগীক চিনি পাইছিল। অভিযোগ অনুসৰি তেওঁ গোপনে কেইবাখনো ফটোও তুলিছিল আৰু অহৰহ ব্লেকমেইল কৰিছিল।

ইয়াৰ পিছতে মৃত্যুৰ সন্দৰ্ভত কূটনৈতিক পৰ্যায়তো প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নেপালী ছাত্ৰ-ছাত্ৰীক শীঘ্ৰে হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দিয়ে। তাক লৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ হয় ।

সেই ঘটনাৰ ঢৌ মাৰ নৌযাওতেই সেই একেটা প্ৰতিষ্ঠানে পুনৰ শিৰোনাম দখল কৰিলে। আকৌ তেনে ঘটনাৰ পুনৰাবৃত্তি ঘটিল। অৱশ্যে কেআইআইটি কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ সম্ভাৱ্য কাৰণ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে KIIT হৈছে ভুৱনেশ্বৰৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান। দেশ-বিদেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে তাত নামভৰ্তি কৰে। দক্ষিণ এছিয়াৰ দেশসমূহৰ পৰা বহু ছাত্ৰ-ছাত্ৰী তাত নামভৰ্তি কৰে।

একেৰাহে দুগৰাকী নেপালী ছাত্ৰীৰ মৃত্যুত তাত থকা ছাত্ৰ সমাজৰ মাজত আতংকৰ সৃষ্টি হৈছে। তদুপৰি সামাজিক সুৰক্ষা আৰু মানসিক স্বাস্থ্যৰ সজাগতা সম্পৰ্কেও নতুন নতুন প্ৰশ্নৰ উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

Recent News

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd