NORTHEAST NOW (Assamese)

২০০ মিটাৰত সুযোগ হেৰুৱালেও মিক্সড ৰিলেইত ৰূপ পালে হিমাই

August 28, 2018 8:23 pm · এন ই নাও নিউজ
Updated: August 28, 2018 8:25 pm
4x400m ৰ ৰিলেত ৰূপৰ পদক পোৱা ভাৰতীয় দলটো।

জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত আজি মহিলাৰ ২০০ মিটাৰ দৌৰত ভুল আৰম্ভণিৰ বাবে ছেমিত অযোগ্য ঘোষিত হোৱা হিমাই হতাশাক অতিক্ৰমী আন এটা ৰূপৰ পদক গোটাবলৈ সক্ষম হৈছে।

খেলুৱৈগৰাকীয়ে আজি ৪x৪০০ মিটাৰৰ মিক্সড ৰিলেত দলীয়ভাৱে এই পদক পায়। ভাৰতীয় দলটোৱে ৩:১৫:১৭ মিনিটত দৌৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থানত ৰয়। দলটোত হিমাৰ লগতে আছিল মহম্মদ আনাছ য়াহিয়া, পূবম্মা ৰাজু আৰু আৰোকিয়া ৰাজীৱ।

আনহাতে বাহৰেইনৰ দলটোৱে ৩:১১:৮৯ মিনিটত দৌৰি প্ৰথম স্থান পোৱাৰ বিপৰীতে কাজাখাস্তানৰ দলটোৱে ৩:১৯:৫২ মিনিটত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক পায়। এইটো ইভেণ্ট এছিয়ান গেইমছত এইবাৰেই প্ৰথম অন্তৰ্ভুক্ত হৈছে।

উল্লেখযোগ্য যে আজি সন্ধিয়াৰ ভাগত অনুষ্ঠিত ২০০ মিটাৰৰ ছেমিত আধা ছেকেণ্ড আগতেই দৌৰা বাবে হিমাক অযোগ্য ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ ক্ৰীড়ানুৰাগী হতাশ হৈছিল যদিও পুনৰ পদকৰ সোৱাদেৰে হিমাই কিছু পৰিমাণে হ’লেও তাক পাহৰাই পেলালে।

আনহাতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ মাধ্যমেও হিমাৰ দলে মিক্সড ৰিলেত ৰূপৰ পদক জয় কৰা বুলি বাতৰি পৰিৱেশন কৰা দেখা গৈছে। ক’ব পাৰি যে হিমা দলটোৰ ভিতৰতে কনিষ্ঠ।

 

Related News