চাকৰিৰ পৰা নিলম্বিত হ’ল হাৰাঙ্গাজাও আৰক্ষী থানাৰ তেতিয়াৰ অ’চি উপ-পৰিদৰ্শক অংশু ৰাজকুমাৰ।
যোৱা কালি ডিমা হাছাও জিলাৰ নতুন কৈ অহা আৰক্ষী অধীক্ষক আইপিএছ জয়ন্ত সিঙে ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বিত কৰে।
প্রাক্তন ডিএইচডি সদস্য তথা ব্যবসায়ী সন্তোষ হোজাই অপহৰণ কাণ্ডৰ বাবে ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
আজিৰ পৰা এমাহ আগত ২৪ এপ্রিল সন্তোষ হোজাইক বন্দুকধাৰীৰ দলে হোজাইক অপহৰণ কৰিছিল।
অৱশ্যে অপহৰণৰ খন্তেক সময় পাছত সন্তোষৰ পত্নী জয়ন্তা হোজাই আৰু আত্মীয়ই হাৰাঙ্গাজাও আৰক্ষী থানাত উপস্থিত হৈ অপহৰণৰ বিতং তথ্য দাঙি ধৰিছিল।
তেতিয়া অ’চি ৰাজকুমাৰে জয়ন্তাক আশ্বাস দিছিল যে সন্তোষ আজি ন’হলেও কালি ৰাতিপুৱা ঘৰলৈ উভতি আহিব।
কিন্তু ২৫ এপ্রিল পুৱা এঘাৰটা বজালৈকে কোনো খা খবৰ নাপাই অপহৰণ সংক্রান্তত জয়ন্তা হোজাইয়ে থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যদিও অ’চি ৰাজকুমাৰে জয়ন্তাৰ এজাহাৰ গ্ৰহণত অসম্মতি প্রকাশ কৰে।
বহুতো অনুনয় বিনয় কৰাৰ পাছতো অ’চি ৰাজকুমাৰে এজাহাৰখন গ্ৰহণ নকৰি চকীৰ ওপৰত পেলাই থৈ দিয়ে।
সম্প্রতি স্পেচিয়েল ইনভেষ্টিগেশন টিমৰ প্রধান তথা দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপকুমাৰ দে আৰু নৱাগত আৰক্ষী অধীক্ষক জয়ন্ত সিঙে প্রয়াত সন্তোষ হোজাইৰ ঘৰত উপস্থিত হয়।
হোজাই ঘৰত উপস্থিত হৈ জিলাখনৰ শীৰ্ষ বিষয়াদ্বয়ে সন্তোষ হোজাইৰ পত্নী জয়ন্তা হোজাইৰ পৰা সমগ্ৰ ঘটনা প্ৰৱাহ জানিব বিচাৰে।
জয়ন্তা হোজাইয়ে শীৰ্ষ আৰক্ষী বিষয়াদ্বয়ক ২৪ এপ্ৰিলৰ নিশা আৰু ২৫ এপ্ৰিল পুৱা অ’চি ৰাজকুমাৰে কৰা আচৰণ তথ্য সহকাৰে দাখিল কৰে।
এই তথ্যৰ ভিত্তিতে জিলা আৰক্ষী অধীক্ষক আইপিএছ জয়ন্ত সিঙে প্ৰাক্তন অ’চি ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বিত কেৰ।
আৰক্ষী অধীক্ষ জয়ন্ত সিঙৰ এই পদক্ষেপক সন্তোষ হোজাইৰ পৰিয়াল আৰু স্থানীয় লোকে সন্তোষ প্ৰকাশ কৰিছে।
নিলম্বিত আৰক্ষী বিষয়া অংশু ৰাজকুমাৰক সোধ পোছ কৰিলে সন্তোষ অপহৰণৰ আৰৰ প্রকৃত সত্য পোহৰলৈ আহিব বুলি সকলোৱে মন্তব্য কৰিছে।
উল্লেখ্য আজিৰ পৰা এসপ্তাহ মান আগতে ৰাজকুমাৰক হাৰাঙ্গাজাওৰ পৰা মাইবাঙ আৰক্ষী থানা লৈ বদলি কৰা হৈছিল।