• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰন্তৰ এণ্টি-এচিড সেৱনত সাৱধানবাণী: গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ পাৰ্শ্বক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 7:22 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই এগিলাচ পানীৰ সৈতে এটা গেছৰ বড়ি খোৱাটো বৰ্তমান বহু লোকৰ এক অপৰিহাৰ্য অভ্যাসত পৰিণত হৈছে। দিনটোৰ যিকোনো সময়ত যি ইচ্ছা তাকেই ভক্ষণ কৰাৰ পাছতো অম্বল বা বুকু জ্বলাৰ পৰা সকাহ পাবলৈ লোৱা এই পদ্ধতিয়ে সাময়িকভাৱে স্বস্তি দিলেও, ই মানৱ শৰীৰলৈ কঢ়িয়াই আনিব পাৰে চৰম বিপৰ্যয়। শেহতীয়াকৈ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে কোনো বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে দীৰ্ঘদিন ধৰি এণ্টি-এচিড বা গেছৰ দৰব সেৱন কৰি থাকিলে ই হৃদযন্ত্ৰ আৰু বৃক্কৰ (কিডনী) ওপৰত মাৰাত্মক প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ প্ৰ’টন পাম্প ইনহিবিটৰ বা ‘পি পি আই‘ (PPI) গোত্ৰৰ দৰবসমূহে শৰীৰৰ স্বাভাৱিক পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মাই পুষ্টিৰ শোষণ হ্ৰাস কৰে, যাৰ ফলত মানুহ অপুষ্টিত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়।

চিকিৎসা বিজ্ঞানৰ ভাষাত বহুলভাৱে ব্যৱহৃত ওমিপ্ৰাজল, পেণ্টোপ্ৰাজল বা ইছ‘মিপ্ৰাজল জাতীয় দৰবসমূহে পাকস্থলীৰ স্বাভাৱিক এচিডৰ মাত্ৰা হ্ৰাস কৰি পেলায়। উল্লেখ্য যে, পাকস্থলীত উৎপন্ন হোৱা এই এচিডে কেৱল খাদ্য হজম কৰাতে সহায় নকৰে, বৰঞ্চ খাদ্যৰ সৈতে শৰীৰলৈ প্ৰৱেশ কৰা ক্ষতিকাৰক বেক্টেৰিয়াসমূহকো ধ্বংস কৰে। যেতিয়া এজন ব্যক্তিয়ে নিয়মীয়াকৈ এই দৰবসমূহ ব্যৱহাৰ কৰে, তেতিয়া শৰীৰৰ স্বাভাৱিক হজম শক্তি কমি যোৱাৰ লগতে অন্ত্ৰত ক্ষতিকাৰক বেক্টেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পায়। ইয়াৰ উপৰি এনে ঔষধৰ অতিমাত্ৰা ব্যৱহাৰে হাড়ৰ ঘনত্ব হ্ৰাস কৰে, যাৰ ফলত গাঁঠিৰ বিষ আৰু অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ দুৰ্বলতাজনিত ৰোগৰ আশংকা বহু পৰিমাণে বৃদ্ধি পায়।

Apply Now

গৱেষকসকলৰ মতে এচিড ৰিফ্লাক্স বা আলচাৰৰ সমস্যাৰ বাবে সাধাৰণতে ৬ৰ পৰা ৮ সপ্তাহহে পি পি আই জাতীয় দৰব সেৱন কৰাৰ নিয়ম। কিন্তু অধিকাংশ লোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে বছৰৰ পাছত বছৰ ধৰি এই দৰবসমূহ সেৱন কৰি যায়, যিটো স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক। বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে হঠাতে হোৱা এচিডৰ সমস্যাৰ বাবে পিল বা টেবলেটতকৈ জুলীয়া এণ্টি-এচিড অধিক ফলপ্ৰসূ আৰু তুলনামূলকভাৱে কম ক্ষতিকাৰক। যদিহে কোনো ব্যক্তিৰ এই দৰব খোৱাটো অভ্যাসত পৰিণত হৈছে, তেন্তে তেওঁলোকে হঠাতে দৰবটো বন্ধ নকৰি লাহে লাহে ইয়াৰ মাত্ৰা কমাব লাগে। উদাহৰণস্বৰূপে, প্ৰতিদিনে খোৱাৰ পৰিৱৰ্তে এদিন অন্তৰে অন্তৰে খাই ক্ৰমান্বয়ে ইয়াৰ পৰা আঁতৰি অহাটোৱে বুদ্ধিমানৰ কাম।

অৱশ্যে হৃদৰোগী বা অন্য কোনো গুৰুতৰ শাৰীৰিক সমস্যাৰ বাবে যিসকল ব্যক্তিয়ে বিশেষ চিকিৎসাৰ অধীনত আছে, তেওঁলোকে নিজাববীয়াকৈ কোনো সিদ্ধান্ত নোলোৱাই শ্ৰেয়। তেনে লোকে বিশেষজ্ঞ চিকিৎসকৰ সঠিক পৰামৰ্শ গ্ৰহণ কৰিহে ঔষধৰ মাত্ৰা সলনি বা বন্ধ কৰা উচিত। সুস্থ জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাসৰ জৰিয়তে গেছৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাটোৱেই হৈছে ভৱিষ্যতৰ জটিল ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd