• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘কা’ বিৰোধী আন্দোলন : আমি যুঁজিম কিদৰে?

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
January 13, 2020 2:22 pm
Margherita CAA-protest main
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ডিচেম্বৰ মাহত ‘কেব’ গৈ ‘কা’ হ’ল, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’ল । এই আইনৰ বিৰুদ্ধে দেশৰ বহুতো সচেতন নাগৰিক, দল-সংগঠনে ন্যায়ালয়ৰ কাষ চাপিছে, আইনখন ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । তাৰ পিছতো কিন্তু মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ১০জানুৱাৰীত আইনখন দেশজুৰি বলবৎ কৰিলে । মোদী চৰকাৰ যে জনগণৰ কল্যাণৰ বাবে গঠিত ‘জনগণৰ চৰকাৰ’ নহয়, এক গণতন্ত্ৰবিৰোধী সাম্প্ৰদায়িক ‘কৰ্পৰেট হাউছ’হে সেয়া আকৌ এবাৰ প্ৰমাণ কৰিলে। সি যি হওক, দেশৰ জনগণে কিন্তু ‘কা’ৰ প্ৰৱল প্ৰতিবাদ কৰি আছে, ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে অহিংস সংগ্ৰাম অব্যাহত ৰাখিছে। অন্ততঃ যোৱা এমাহত এনে এটা দিন নাই যিদিনা ‘কা’ৰ বিৰোধ হোৱা নাই ! অসমত এই প্ৰতিবাদৰ তীব্ৰতা দেশৰ ভিতৰতে সৰ্বাধিক।

আমি সকলো অসমবাসীয়ে (বিজেপি-আৰএছএছৰ সদস্য আৰু ভক্ত সকলক বাদ দি) ‘কা’ৰ বিৰোধিতা কৰিছো কিয়নো আমি আমাৰ বিবেকেৰে বুজি পাইছো যে এই আইনখন অসমীয়া বিৰোধী, ভাৰতীয় সংবিধান বিৰোধী। আমাৰ অসমীয়া আৱেগ উথলি উঠিছে বাবে আমি হিলদ’ল ভাঙি ওলাই আহিছোঁ যুঁজিবলৈ, চৰকাৰৰ বন্দুকৰ আগত বুকু পাতি দিবলৈও কুণ্ঠাবোধ কৰা নাই। কিন্তু আৱেগ আৰু বিবেকৰ সন্তুলন নাথাকিলে কোনো গণ-আন্দোলন সফল নহয়, আমাৰ অসমৰ ইতিহাস চালেই সেই কথা আমি বুজি পাওঁ। আমি জাৰ্মানীৰ পৰা টেলিস্কোপেৰে চাই ধাৰণা কৰিছো যে সম্প্ৰতি অসমৰ ‘কা’ বিৰোধী আন্দোলনত বিবেকতকৈ আৱেগ বহু আগবাঢ়ি গৈছে, সুস্থিৰ আৰু দূৰদৰ্শী ৰণনীতিতকৈ তাৎক্ষণিক আৰু এক গতানুগতিক কাৰ্যপন্থাই প্ৰাধান্য পাইছে। যদি আমাৰ ধাৰণা সঁচা তেন্তে এয়া কিন্তু অসমৰ জনগণৰ বাবে শুভ কথা নহ’ব।

Apply Now

শিল্পী-সাহিত্যিক-বুদ্ধিজীৱী সকল একোখন সমাজৰ দাপোণ, এটা জাতিৰ বিবেক হোৱা উচিত। দুৰ্ভাগ্যজনকভাৱে অসমৰ বিবেক হ’ব পৰা ‘শিল্পী’ৰ সংখ্যা আজি প্ৰায় শূন্য। আমাৰ শিল্পীসকল আৱেগেৰেহে পৰিচালিত হোৱা আমি দেখিছোঁ (দুই এক ব্যতিক্ৰম হয়তো আছে!) । উদাহৰণস্বৰূপে, অভিনেতা ৰবি শৰ্মাই ‘কেব ২০১৬’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিলে, তাৰ কেইদিনমান পিছত গৈ বিজেপিত যোগদান কৰিলে। ‘কেব’ জানো বিজেপি চৰকাৰে অনা নাছিল ? এতিয়া ‘কেব’ গৈ আইন হ’ল, অসমৰ ৰাইজ আকৌ প্ৰতিবাদথলিলৈ ওলাই আহিছে, ৰবি শৰ্মাই বিজেপি ত্যাগ কৰি পুনৰ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰিছে। আমাৰ বাবে তেওঁ পুনৰ ‘হিৰো'(!) হৈ পৰিছে। মই বুজিছো, ৰবি শৰ্মাৰ অসমীয়া আৱেগ জাগি উঠিছে, জাতিলৈ সংকট আহিছে বুলি পুনৰ আন্দোলন কৰিছে। কিন্তু তেওঁৰ বিবেকে কিদৰে তেওঁক এনেকুৱা এটা দলত যোগদান কৰিবলৈ অনুমতি দিছিল যি দলে ‘কেব’ আনি অসমীয়া জাতিক হত্যা কৰাৰ পৰিকল্পনা কৰিছে, সেই কথা কোনে বুজাব ? জুবিন দাই ‘কেব’ৰ বিৰুদ্ধে বহুদিন ধৰি যথেষ্ট সোচ্চাৰ হৈ আছে। কৈছে, অসমত ৰাজনৈতিক বিকল্প গঠন কৰিব ! ৰাজনৈতিক বিকল্প কোন হ’ব, ইয়াৰ আদৰ্শ-কাৰ্যপন্থা কি হ’ব? কোনেও নাজানে, বোধহয় জুবিন দায়ো নাজানে। মুখত আহিছে, কৈ দিছে !! দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক আঁতৰাই বিজেপিক বহুওৱাৰ দৰে বিজেপিক আঁতৰাই ধূসৰ তথাকথিত ৰাজনৈতিক বিকল্পটোক জুবিন দাই শাসনত অনাৰ কথা কৈছে ! হিমন্ত বিশ্ব, সৰ্বানন্দ বা অতুল-কেশৱৰ দৰে ক্ষমতান্ধ নেতা বৰ্তমানৰ দল ত্যাগ কৰি এদিন জুবিন দাই কোৱা ৰাজনৈতিক বিকল্পত চামিল হ’লে কি হ’ব ? অসম ৰক্ষা পৰিব নে ? জুবিন দাৰ দূৰদৰ্শিতা আৰু বিচাৰ-বিবেচনা কিমান গভীৰ আমাৰ সন্দেহ আছে । আঞ্চলিকতাবাদ ত্যাগ কৰি নাগপুৰত শৰণ লোৱা সৰ্বানন্দই অসমীয়া জাতি উদ্ধাৰ কৰিব বুলি জুবিন দাই গান গাই গাই মাটি চহ কৰা নাছিল নে ? অসমৰ বহুতো সাধাৰণ মানুহৰ দৰে জুবিন গাৰ্গেও কথাবোৰ একেদৰে ভাবে, একেদৰে ‘ৰিয়েক্ট’ কৰে । এনেকুৱা হ’লে জুবিন দাই দেখুওৱা পথত অগ্ৰসৰ হ’লে অসমীয়া জাতিৰ মুকুতি সম্ভৱ হ’ব বুলি আমি ভাবিম কেনেকৈ ? অদূৰদৰ্শী, আৱেগিক আৰু তাৎক্ষণিক কাৰ্য-কলাপে পুনৰ আমাক কোঙা নকৰিব নে ? আমি এই কথাখিনি কোৱাৰ মূল কাৰণ এয়ে যে আমাৰ শিল্পীসকল এটা আন্দোলনৰ নেতৃত্ব দি দেশ ৰক্ষা কৰিব পৰাকৈ পৰিপক্ক আৰু দূৰদৰ্শী নহয় বুলি আমি ভাবোঁ ! সেয়ে ৰাজনীতি-সমাজনীতি-অৰ্থনীতি গভীৰভাৱে বুজাসকলৰ নেতৃত্বত শিল্পীসকলে আন্দোলনক শক্তিশালী কৰাটোহে এইমুহূৰ্তত তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব হোৱা উচিত । অভিনেত্ৰী বৰষা বাই ভাষণ দি আমাক যিমান আৱেগিক কৰিছে আন কোনো নেতা/ব্যক্তিয়ে কৰিব পৰা নাই । গণ-আন্দোলনৰ বাবে এই আৱেগৰ প্ৰয়োজন আছে, কিন্তু আৱেগে আন্দোলনক পথ দেখুৱাব খুজিলে মহাবিপদ হ’ব। অসমৰ ৰাইজ সেয়ে সচেতন আৰু সাৱধান নহ’লে অসম আৰু অসমীয়া ৰক্ষা নপৰিব। উল্লেখযোগ্য যে অসমৰ ‘কা’বিৰোধী আন্দোলনখন একবিংশ শতিকাত বৃহত্তৰ অসমীয়া জাতীয় অস্তিত্বক বিশ্ববাসীৰ সন্মুখত উজলাই তোলা, অসমৰ সকলো ব্যক্তি-জাতি-জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, অসমীয়া সমাজ-জীৱনত ন্যায়-সমতা-বিজ্ঞানমনস্কতা প্ৰতিষ্ঠাৰ ৰণ হ’ব লাগিব।

আমাৰ ভালদৰে মনত আছে, ‘কেব’ৰ বিৰুদ্ধে অসমৰ সমাজ-জীৱনত সৰ্বপ্ৰথম চিৰিয়াছলী প্ৰতিবাদ সাব্যস্ত কৰিছিল ড০ হীৰেন গোহাঁই ছাৰৰ নেতৃত্বত এদল নাগৰিকে (পিছত এওঁলোকেই “নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ” গঠন কৰি নিৰন্তৰে যুঁজি আছে) আৰু অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তিয়ে (যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও জাতীয়-জনজাতীয় সংগঠন পিছলৈ এওঁলোকৰ লগ লাগিছিল)। আছু বহুপিছতহে ‘কেব’ৰ বিৰুদ্ধে ৰাজপথত নামিছিল। আছুৰ সক্ৰিয়তা নেদেখি হতাশ হৈ মই নিজেই আছুক সমালোচনা কৰি বাতৰি কাকতত লিখিছিলো। যি হওক, আছুৰ অংশগ্ৰহণে প্ৰতিবাদক কিছু শক্তি যোগালে। মই আই আই টি বোম্বেৰ গৱেষক ছাত্ৰ হৈ থাকোঁতে আই আই টিৰ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলেও ‘কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিবৃতি দিছিল। তাৰ পিছত চৰকাৰে অখিল গগৈক গ্ৰেপ্তাৰ কৰি বহুদিন কাৰাগাৰত ৰাখিলে। এইবাৰো ‘কা’বিৰোধী আন্দোলনৰ আৰম্ভনিতে অখিল গগৈক জঘন্য আইনৰ অধীনত অতি অন্যায়মূলক আৰু আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰিলে, আনকি তেওঁৰ ওপৰত অত্যাচাৰ চলালে, হাতত পিছফালৰ পৰা হেণ্ডকাফ লগাই কোনো দাগী অপৰাধীৰ দৰে জননেতাগৰাকীক আদালতত হাজিৰ কৰিলে। ধৈর্য্য কোঁৱৰ আৰু বিতু সোণোৱাল ‘নিয়া’ৰ জিম্মাত আছে। কৃষক মুক্তিৰ আন আন নেতা-কৰ্মীক পুলিচে গ্ৰেপ্তাৰ কৰিছে বা কৰিবলৈ বিচাৰি ফুৰিছে। ‘লাচিত সেনা’ৰ শৃংখল চলিহাক একেদৰে গ্ৰেপ্তাৰ কৰা হৈছে। এয়া অসমৰ ‘কা’ বিৰোধী আন্দোলনৰ ওপৰত এক মোক্ষম আঘাত নহয়নে ? ৰাষ্ট্ৰৰ এনেকুৱা দমনে অসমৰ মানুহৰ সাংবিধানিক অধিকাৰখিনিকে নস্যাৎ কৰা নাই নে? অগভীৰ অথচ তীব্ৰ আৱেগৰ দ্বাৰা পৰিচালিত আন্দোলনে এই কথা বুজিব নোৱাৰে ! গীত-মাত-আৱেগিক ভাষণেৰে “খেদ ঐ খেদ, বাংলাদেশী খেদ” বুলি শ্লোগান দিয়া আন্দোলনৰ পৰা ইমান পৰিপক্কতা আশা কৰাটো হয়তো ভুল ! আজি অখিল গগৈ আৰু কৃষক মুক্তি আদিৰ ওপৰত চৰকাৰে যি প্ৰতিশোধমূলক আৰু অন্যায়মূলক দমন চলাইছে সেই একেই দমন ‘কা’বিৰোধী আন নেতা সমুজ্জ্বল, লুৰিণ, পলাশ বা জুবিনৰ ওপৰতো চলাব পাৰে যদিহে তেওঁলোকে আপোচ নকৰাকৈ আন্দোলন কৰি যায় ! (জুবিনৰ সংগীতানুষ্ঠান বাতিল কৰা নাছিল জানো ডিব্ৰুগড়ত ? ) তেন্তে আছুৰ আন্দোলনত, জুবিন (শিল্পী)ৰ আন্দোলনত অখিল গগৈ আৰু অন্যান্য নেতাৰ মুক্তিৰ বাবে ধাৰাবাহিক আৰু শক্তিশালীভাৱে দাবী উঠিব নালাগে নে? সমুজ্জ্বল ভট্টাচাৰ্যই মিডিয়াৰ আগত অখিলৰ মুক্তি দাবী কৰি ভাষ্য দিছে মাথোঁ, এয়া জানো যথেষ্ট ? কেৱল ড০ হীৰেন গোহাঁইৰ নেতৃত্বত চলা সংগ্রামে ‘কা’ৰ বিৰোধৰ সমানে সমানে অখিলৰ মুক্তিৰ দাবী তুলিছে। নাগৰিক সমাজ, বাওঁ-গণতান্ত্ৰিক মঞ্চই একেই দাবীত ৰাজপথত নামিছে । জে এন ইউৰ ছাত্ৰই অখিল গগৈ তথা আন ‘কা’বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীৰ মুক্তিৰ দাবীত দিল্লীৰ অসম ভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছে। অসমৰ ছাত্ৰ-সমাজেও সেই একেই দাবীৰে জাগৰণ তুলিব লাগিব। কটন, গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলেই জানো এইবেলি ‘কা’ৰ বিৰুদ্ধে সৰ্বাধিক প্ৰাবল্যৰ প্ৰতিবাদেৰে অসমৰ জনগণক জগাই তোলা নাছিল? অসমী আইৰ সন্তানক হত্যা কৰা, অখিলকে ধৰি আন আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্য আমাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ওপৰত প্ৰচণ্ড প্ৰহাৰ, এই প্ৰহাৰৰ বাবে বিজেপি চৰকাৰ ক্ষমাৰ যোগ্য নহয়। সেয়ে “খেদ ঐ খেদ, বাংলাদেশী খেদ” জাতীয় আওপুৰণি আৱেগিক শ্লোগানতকৈ “খেদ ঐ খেদ, বাংলাদেশীৰ ৰক্ষক বিজেপি চৰকাৰ-আৰ এছ এছ খেদ” আমাৰ শ্লোগান আৰু লক্ষ্য হ’ব লাগে। প্ৰেক্টিকেল কথাটো হ’ল আমি ৰাজপথত নামি বিদেশী খেদিব নোৱাৰো, তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম মানি চৰকাৰেহে খেদিব পাৰে। কিন্তু বিজেপি চৰকাৰে এফালে বিদেশীক নাগৰিকত্ব দি আৰু আনফালে অসমীয়া সমাজখনক জাতি-ধৰ্ম-ভাষাৰ নামত ভাগ ভাগ কৰি অসমীয়া জাতিক হত্যা কৰাৰ কাম আৰম্ভ কৰিছে। হত্যাকাৰী চৰকাৰক যদি খেদিব নোৱাৰে তেন্তে বছৰে বছৰে “খেদ ঐ খেদ, বাংলাদেশী খেদ” কাৰ্যসূচীত গীত-মাতৰ অনুষ্ঠান কৰি থাকিব লাগিব, এবাৰ বিজেপিত যোগ দি আকৌ পদত্যাগ, পুনৰ আকৌ যোগদান পৰ্ব চলি থাকিব। সুবিধাবাদী আৰু জাতিৰ দালালবোৰৰ ভঁৰালবোৰ ভৰিব, অসম মৰিব। অসম মৰিলে আপুনিও নমৰিব জানো?

কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd