DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুই, ধোঁৱাৰ মাজত জনতা ভৱন, বাহিৰে-ভিতৰে বিক্ষুব্ধ ৰাইজ-কৰ্মচাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 11, 2019 4:37 pm
Assam is in turmoil, protesters lay siege around Dispur, Assam’s capital

দিচপুৰত বুধবাৰৰ ছবি।

723
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ৰ বিতৰ্ক চলি থকাৰ মাজত অসমত অব্যাহত ব্যাপক বিক্ষোভৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৰাজধানী দিচপুৰ।

যোৱা প্ৰায় ৬ ঘণ্টা সময়ধৰি ৰাজধানী এলেকা প্ৰতিবাদত উত্তপ্ত হৈ আছে। জুই আৰু ধোঁৱাই সমগ্ৰ এলেকাটো ছানি ধৰিছে।

দিচপুৰৰ জনতা ভৱন হাজাৰ হাজাৰ লোকে ঘেৰাও কৰি ৰাখিছে। ভিতৰত আবদ্ধ কৰি ৰখা কৰ্মচাৰীসকলে কাৰ্য্যালয়তে হুলস্থূল আৰু প্ৰতিবাদ আৰম্ভ কৰিছে।

জনতা ভৱনৰ সমীপত প্ৰতিবাদকাৰীয়ে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ এখন বাহন ভাঙি পেলাইছে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক খেদি পঠোৱাৰ বাবে লাঠীচালনা কৰি আছে। কিন্তু প্ৰতিবাদকাৰীসকলে জনতা ভৱনৰ সন্মুখভাগৰ অৱস্থান ত্যাগ কৰা নাই।

গুৱাহাটীৰ কেইবাঠাইতো প্ৰতিবাদকাৰীয়ে বেৰিকেদ ভাঙি দিছে। আৰক্ষীৰ লাঠীচালনাত বহু প্ৰতিবাদকাৰীৰ লগতে সাংবাদিকো আহত হৈছে।

জনতা ভৱনৰ সন্মুখত বাতৰি লিখালৈকে তিনিগৰাকী সাংবাদিক আহত হৈছে। ডি ৱাই ৩৬৫ৰ এজন সাংবাদিকৰ মূৰ ফাটি গৈছে।

গুৱাহাটীৰ বিভিন্ন স্থানত ন নকৈ প্ৰতিবাদকাৰী সংগঠিত হৈছে। শিল্পী সমাজে গুৱাহাটী ক্লাবৰ পৰা কেব বাতিলৰ দাবীত সমদল বাহিৰ কৰিছে।

Assam is in turmoil, protesters lay siege around Dispur, Assam’s capital

মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু যুৱচামৰ পৰা আৰম্ভ কৰি বয়সস্থ লোক আৰু মহিলাসকলো ওলাই আহিছে।

সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দুটা বৃহৎ দল আহি দিচপুৰত অৱস্থান কৰিছে।

খানাপাৰা দিশৰ পৰাও আন এটা দল আগবাঢ়ি আহিছে। জি এছ ৰ’ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে।

জি এছ ৰ’ডৰ দুঠাইত গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত আৰু এ বি চি এলেকাত লাঠীচালনা আৰু বেৰিকে’দ দি প্ৰতিবাদত বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছিল।

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ দলে বেৰিকে’ড ভাঙি দিছে। গুৱাহাটীৰ পথত গামোচা পাৰি ছাত্ৰ-ছাত্ৰী শুই পৰিছে।

কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতা হীৰক পাটোৱাৰী, প্ৰাক্তন নেতা জিন্তু ঠাকুৰীয়াক আৰক্ষীয়ে আটক কৰিছে।

সাম্প্ৰতিক অসমত প্ৰতিবাদটো স্পষ্টভাৱে অভূতপূৰ্ব ধৰণৰ। আৰক্ষীৰ বাহিৰে সকলো লোককে প্ৰতিবাদকাৰী যেন দেখা গৈছে।

দেখা গৈছে, একধৰণৰ পাৰভঙা ক্ষোভ আৰু আৱেগে অসম ছানি ধৰিছে। ডিব্ৰুগড়ত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে। খবৰমতে, উজনিৰ চহৰখনত সেনাই ফ্লেগ মাৰ্চ কৰিছে।

দুপৰীয়াৰ ভাগত উজনিৰ পুৰণি আৰু প্ৰধান চহৰখনত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰচণ্ড লাঠীচালনা কৰিছে। বহু লোক আহত হৈছে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd