• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱ থিয়েটাৰত এণ্টি-ক্লাইমেক্স

প্ৰযোজক মানস কলিতাই, অভিযোগমতে, কলা-কুশলীসকলক এবছৰীয়া চুক্তিত লৈ তিনি মাহতে থিয়েটাৰখন বন্ধ কৰি দিছে।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 29, 2019 9:54 pm
Anti-climax haunts Sankardev Theatre actors in Assam

অভিনেতাসকলৰ সংবাদমেল, শুকুৰবাৰে। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভ্ৰাম্যমাণ নাট্যদল শংকৰদেৱ থিয়েটাৰ নিজেই নাটকত পৰিণত হৈছে, অন্ততঃ কলা-কুশলীসকলৰ ভাষ্যমতে।

অভিযোগমতে, কলা-কুশলীসকলক এবছৰীয়া চুক্তিত লৈ প্ৰযোজক মানস কলিতাই তিনি মাহতে থিয়েটাৰখন বন্ধ কৰি দিছে।

Apply Now

পাঠশালাৰ চিমলাত যোৱা ১৯ চেপ্তেম্বৰত ২০১৯-২০ নাট্যবৰ্ষৰ প্ৰথম দৰ্শনী আৰম্ভ কৰা থিয়েটাৰখন ৩ নৱেম্বৰত বন্ধ কৰি দিয়া হৈছে।

কিন্তু, বন্ধ কৰি দিয়াই নহয়, অভিযোগমতে, প্ৰযোজক কলিতাই আগধনকে ধৰি পাৰিশ্ৰমিকো কলা-কুশলীসকলক আদায় দিয়া নাই।

“থিয়েটাৰৰ বাবে শিল্পীসকলক এটা বৰ্ষৰ বাবে পাৰিশ্ৰমিক দিয়াৰ যি চুক্তি কৰা হৈছিল সেইমতে ধন দিয়াটো দূৰৰ কথা, দৰ্শনীৰ পূৰ্বে যি আগধন দিয়াৰ কথা আছিল সেয়াও আমাক প্ৰযোজকে নিদিলে,” অভিনেতা অৰূপ বৈশ্যই শুকুৰবাৰে গুৱাহাটীত সংবাদমেলত কয়।

থিয়েটাৰখন বন্ধ হোৱাৰ পূৰ্বে শ্ৰমিক শিল্পীসকলে বিনা পইচাই বিভিন্ন ঠাইত মুঠ ১৬টা দৰ্শনী কৰিছিল। কিন্তু অভিযোগমতে, সেই ধনো আদায় নিদি প্ৰযোজকজন অন্তৰ্ধান হৈ থাকিল।

“আখৰাৰ পৰা চূড়ান্ত নাটকলৈকে শিল্পীসকলক প্ৰযোজক মানস কলিতাই দেখা নিদিয়াৰ লগতে কোনো সমস্যা সমাধানৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল,” আন এজন অভিনেতা নয়ন কৌশিকে কয়।

ধনটো নায়েই, ওলোটাই থিয়েটাৰখনত ন্যূনতম সা-সুবিধাও নাছিল বুলি অভিযোগ কৰি বৰাই কয় যে তেওঁলোকে “পৰিৱেশ বেয়া নহওক বুলি ভাবিয়ে অশেষ কষ্ট কৰি” অভিনয় কৰি আহিছিল।

“থিয়েটাৰত নাই কোনো নিজা চাউণ্ড, নাই কোনো দৰ্শক বহিবলৈ চকী। আনকি কিছু কিছু ঠাইত মই অভিনয় কৰিবলৈ যাওঁতে থাকিবলৈয়ো সুবিধা কৰি দিব পৰা নাছিল থিয়েটাৰ কৰ্তৃপক্ষই,” বৰাই কয়।

কলা-কুশলীক মজুৰি নিদিয়াৰ বিপৰীতে অভিযোগমতে প্ৰযোজকজনে বিভিন্ন থিয়েটাৰ-আয়োজক সমিতিৰ পৰা আগতীয়া ধন লৈয়ো দৰ্শনী অনুষ্ঠিত কৰা নাছিল।

অভিনেতাসকলৰ সৈতে সংবাদমেলত বালিপৰা কলাইগাঁৱৰ এখন আহ্বায়ক সমিতিৰ সভাপতি বিপ্লৱ দাসো উপস্থিত আছিল।

দাসে কয়, “প্ৰদৰ্শনীৰ বাবে মালিকপক্ষই চুক্তি কৰিছিল আৰু ৫০ হাজাৰ আগধন লৈছিল। কিন্তু আগধন লৈ তেওঁলোকে থিয়েটাৰ দৰ্শনী বাতিল কৰে।”

খবৰমতে, প্ৰযোজক তথা স্বত্বাধিকাৰ মানস কলিতাৰ বিৰুদ্ধে পূৰ্বতেও কলা-কুশলীক প্ৰতাৰণাৰ অভিযোগ আছে।

দেৱাশিস শৰ্মা আৰু সুকন্যা ৰাজকুমাৰী নামৰ দুগৰাকী শিল্পীয়ে এনে কাৰণতে বোলে শংকৰদেৱ থিয়েটাৰৰ পৰা ওলাই আহিছিল।

কলা-কুশলীসকলে এতিয়া কলিতাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে অসমৰ থিয়েটাৰ প্ৰযোজক সন্থাক দাবী জনাইছে।

“তিনিমাহে কৰা কষ্টৰ পাৰিশ্ৰমিক দিবলৈ আমি দাবী জনোৱাৰ লগতে শংকৰদেৱ থিয়েটাৰৰ বিৰুদ্ধে অসমৰ থিয়েটাৰ প্ৰযোজক সন্থাক ব্যৱস্থা ল’বলৈ দাবী জনাইছো,” অভিনেতা বৰাই কয়।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত মালিকৰ ঠগবাজিৰ অভিযোগ এয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বৰদৈচিলা আৰু চিৰঞ্জীৱ থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে সদৃশ অভিযোগ উঠিছিল।

দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেলখনত অভিনেতা বৰা আৰু কৌশিকৰ লগতে সহ অভিনেতা শৈল ভট্টাচাৰ্য্য আৰু ত্ৰৈলোক্য বৰুৱাও উপস্থিত আছিল।

বিষয়টোত প্ৰযোজক কলিতাৰ ভাষ্য জনাৰ বাবে নৰ্থইষ্ট নাও-এ তেওঁৰ ম’বাইল ফ’নলৈ কল কৰিছিল, কিন্তু নট ৰীচ্চেবল পোৱা গ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd