NORTHEAST NOW (Assamese)

তামুলপুৰত ড্ৰাগছ , শিশু নিৰ্যাতন , বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক সমদল

November 11, 2021 2:40 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ

বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি তামুলপুৰত ড্ৰাগছ , শিশু নিৰ্যাতন , বাল্য বিবাহ আদিকে ধৰি কেইবাটাও অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে এক সজাগতামূলক সমদল উলিওৱা হয় ।

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই সজাগতা সমদলৰ শুভাৰম্ভ কৰে তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই ।

সমদলত তামুলপুৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্রীকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ছাত্র-ছাত্ৰী সকলে বেনাৰ , ফেষ্টুন প্ৰদৰ্শন কৰি।শ্লোগান দি সমদলত অংশগ্ৰহণ কৰে।

সমদলটো ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে গৈ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সামৰণি মাৰে ।

Related News