NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত আৰক্ষী আৰু গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থাৰ ধঁপাত বিৰোধী অভিযান

August 21, 2018 2:20 pm · মানস প্ৰতিম গগৈ
Updated: August 21, 2018 2:27 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থা ‘সম্বন্ধ’ই মাৰ্ঘেৰিটা আৰক্ষীৰ সহযোগত মুকলি কৈ ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়নি দিয়ে।

উল্লেখ্য যে অসমত প্ৰতিবছৰে ৩০ হাজাৰৰো অধিক লোকৰ ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে মুখ, কন্ঠনলী, হাওঁফাওঁ, পাকস্থলী, কিডনী, মূত্ৰনলী আদিত কেঞ্চাৰ হোৱাৰ মূল কাৰণ হিচাপে দেখা দিছে।

আনহাতে, বিশ্বত প্ৰায় ১২০ মিলিয়ন ধঁপাত সেৱন কৰা লোক আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ ধঁপাত সেৱনকাৰীৰ ভিতৰত ১২ শতাংশ লোক ভাৰতৰ। তথ্য অনুসৰি ভাৰতত ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে ৯ লাখ মানুহৰ মৃত্যু হয়। পূৰ্বৰ তুলনাত প্ৰায় ৩৬ শতাংশ ধপাত জাতীয় পদাৰ্থ সেৱন কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে।

অসমতো ভয়াবহভাৱে কেঞ্চাৰ ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। বহু সময়ত চৰকাৰৰ তৰফৰপৰা ধঁপাতৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নানা ধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰা দেখা যায় যদিও ধঁপাত সেৱনকাৰীসকলে তাৰ পৰিণতিলৈ কোনো ভ্ৰূক্ষেপ কৰা দেখা নাযায়।

আজিৰ এই অভিযানৰ পাছত মাৰ্ঘেৰিটাত ধঁপাত জাতীয় সামগ্ৰীৰ সেৱনৰ ক্ষেত্ৰত জনসাধাৰণে কেনেধৰণৰ সহযোগিতা প্ৰদৰ্শন কৰে সেইয়া লক্ষণীয় হ’ব।

Related News