NORTHEAST NOW (Assamese)

লখিমপুৰত আহোম যুগৰ প্ৰাচীন ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ!

August 6, 2020 7:27 pm · ফাৰহানা আহমেদ

লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁৱত আহোম যুগৰ বুলি অনুমান কৰা ১৪টা প্ৰাচীন ৰূপৰ মুদ্ৰা আৰু এযোৰ খাৰু উদ্ধাৰ কৰা হৈছে।

বুধবাৰে লখিমপুৰ জিলাৰ ধলপুৰৰ সমীপৰ আমগুৰি গাঁৱৰ এখন খেতিপথাৰত নিতুল দিহিঙিয়া আৰু তুলিন গগৈ নামৰ গাঁৱবাসীয়ে মুদ্ৰাখিন আৰু খাৰুযোৰ প্ৰত্যক্ষ কৰে।

মুদ্ৰাখিনি বিভিন্ন জোখ তথা আকাৰৰ আৰু পাৰ্চি তথা দেৱনাগৰি দুয়োটা লিপিতে লিখা আছে বুলি  এগৰাকী স্থানীয় লোকে জানিবলৈ দিয়ে।

মুদ্ৰাখিনি ভাৰতত মোগল শাসনৰ সময়ৰ তথা অসমত আহোম ৰাজত্বৰ দিনৰ ওঠৰ শতিকাৰ হ’ব বুলি অনুমান কৰা হৈছে।

২০১৯চনৰ নৱেম্বৰত একেধৰণৰ ওঠৰ শতিকাৰ মাজভাগৰ প্ৰাচীন অষ্টকোণবিশিষ্ট মুদ্ৰা ঢকুৱাখনাৰ এখন খেতিপথাৰত উদ্ধাৰ কৰা হৈছিল।

পাৰ্চিয়ান লিপিত লিখা থকা সেই মুদ্ৰাখিনি আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ (১৭৫১-১৭৬৯) খ্ৰীষ্টাব্দৰ আছিল।

Related News