• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফালৈ যোৱা মুন্না বৰুৱাৰ পিতৃক বিষয়টো সহজভাৱে ল’বলৈ অনুৰোধ অনুপ চেতিয়াৰ

মিণ্টু দাস by মিণ্টু দাস
November 19, 2018 6:24 pm
cd66417e-9746-4b1c-b9a6-a00ae667eec1

সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰাখিছে অনুপ চেতিয়াই। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা গণতান্ত্ৰিক আন্দোলনক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই যুৱ প্ৰজন্মই বাচি লৈছে সশস্ত্ৰ সংগ্ৰামৰ পথ। ৮০-৯০’ ৰ দশকত সৃষ্টি হোৱা পৰিবেশ পুনৰ গঢ়ি উঠিছে অসমত। যাৰ বাবে আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হৈছে যুৱ প্ৰজন্ম।’’ নগাঁৱত এক ব্যক্তিগত কামত উপস্থিত হৈ আলফা নেতা অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে।

তেওঁ কয় যে অসমৰ ৰাইজৰ দাবীত কেন্দ্ৰই গুৰুত্ব নিদিয়াৰ বাবে আলফা স্বাধীনে জনসমৰ্থন ঘূৰাই পাবলৈ সক্ষম হৈছে। অকল নৱপ্ৰজন্মই যে আলফাৰ প্ৰতি আকৰ্ষিত হৈছে তেনে নহয়, অসমৰ ৰাইজে উপলব্ধি কৰিছে এইখিনি সময়ত আলফাৰ দৰে সংগঠনৰ প্ৰয়োজন আছে। সাম্প্ৰতিক অসমীয়া ৰাইজে এই কথাই বাৰে বাৰে উচ্চাৰিত কৰিছে আৰু আমিও শুনিবলৈ পাইছো।

Apply Now

আনহাতে, আলফা নেতাগৰাকীয়ে ভাৰত চৰকাৰে অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা অৱস্থান আৰু অসমৰ খিলঞ্জীয়া মানুহৰ দাবীসমূহৰ প্ৰতি সন্মান তথা মৰ্যাদা নিদিয়াৰ বাবেই নৱপ্ৰজন্মই নহয় আলফাই  অসমৰ ৰাইজৰ জন সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মতপোষণ কৰে।

মুন্না বৰুৱাৰ প্ৰসংগতো সংবাদ মাধ্যমৰ আগত অনুপ চেতিয়াই কয় যে সুস্থ শৰীৰে এটা শিবিৰত মুন্না বৰুৱা উপস্থিত হৈছে বুলি আমাক জনাইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। যোৱা ১৬ নৱেম্বৰত মুন্না বৰুৱাৰ সন্দৰ্ভত আমাৰ লগত তেখেতৰ আলোচনা হৈছিল।

ইতিমধ্যে মুন্না বৰুৱাৰ মাতৃয়ে মুন্না বৰুৱাক উভতি আহিবলৈ আহ্বান জনোৱা সন্দৰ্ভতো আলফা নেতা চেতিয়াই কয় যে কোনো পিতৃ-মাতৃয়েই সন্তান হাবিত থকাটো নিবিচাৰে। মুন্না বৰুৱা উভতি অহা অথবা আলফা স্বাধীনত যোগদান কৰাটো মুন্না বৰুৱাৰ ব্যক্তিগত সিদ্ধান্ত। প্ৰাপ্তবয়স্ক মুন্না বৰুৱাৰ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে।

মুন্না বৰুৱাৰ পিতৃক বিষয়টো সহজভাৱে ল’বলৈ অনুপ চেতিয়াই অনুৰোধ জনোৱা বুলিও উল্লেখ কৰি সংবাদ মাধ্যমক কয় যে মুন্না বৰুৱাৰ পিতৃ বিমল বৰুৱাই আমাক সুদীৰ্ঘ দিন পৰিয়ালটো ৰাষ্ট্রযন্ত্ৰৰ ওচৰত বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত হৈছো, নিৰ্যাতনৰ বলি হৈছো আৰু কিমান নিৰ্যাতনৰ বলি হ’ম বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

ইপিনে সংবাদ মাধ্যমৰ লগতে বিভিন্ন প্ৰচাৰ মাধ্যমত ৰেৱতী ফুকনৰ আলফাত যোগদানৰ কথা মিছা বুলিও মন্তব্য কৰি জ্যেষ্ঠ আলফা নেতা অনুপ চেতিয়াই কয় যে তেখেত নিৰুদ্দিষ্ট হোৱাৰ পাছত আমি পৰেশ বৰুৱাৰ লগত আলোচনা কৰিছিলো আৰু তেওঁ আমাক এই সম্পৰ্কে কৈছিল যে এইবোৰ সকলো মিছা কথা। ৰেৱতী ফুকন অসুস্থ মানুহ, তেওঁক কিয় আনিম, তেওঁক আমি অনা নাই, কোনো এটা পক্ষই আমাক দুৰ্নাম কৰিবলৈ অপপ্ৰচাৰ কৰিছে। আনহাতে, আলফা (স্বাধীন)ৰ সেনাধ্যক্ষগৰাকীৰ ৰেৱতী ফুকন সন্দৰ্ভত কৰা মন্তব্যৰ সত্যাসত্য আছে বুলি বিশ্বাস কৰে অনুপ চেতিয়াই।

আলফা নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ’লে অসম পুনৰ উত্তপ্ত হৈ পৰিব বুলিও মন্তব্য কৰাৰ লগতে এই কথা যুটীয়া সংসদীয় সমিতিকো (জেপিচি) জনাইছিল বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয় জেপিচি যেতিয়া আহিছিল তেতিয়াই তেওঁলোকৰ (অধ্যক্ষ আগৰৱালা-সদস্য এম  পি) সন্মুখতেই কৈছিলো, যদি আপোনালোকে নাগৰিকত্ব বিধেয়ক পাছ কৰে তেতিয়াহ’লে কিন্তু বহু ল’ৰা আলফালৈ গুচি যাব আৰু অসম পুনৰ উত্তপ্ত হৈ পৰিব।

এইটো বাস্তৱ সত্য যে সংশোধনী বিধেয়কৰ বাবেই অসমৰ ৰাইজে পুনৰবাৰ আলফা স্বাধীনৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ বাধ্য হৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd