২০২৪ত যুঁজ হ’ব মোদী বনাম কেজৰিৱালৰ৷ আজি এই মন্তব্য কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই৷ কালি চিবিআইয়ে বিতৰ্কিত আবকাৰী নীতিক লৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত অভিযান চলাইছিল। চিবিআইয়ে অভিযোগ কৰিছিল যে দিল্লীৰ নতুন আবকাৰী নীতিত যথেষ্ট দুৰ্নীতি হৈছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শনিবাৰে এইবিষয়ত মুখ খোলে আৰু চিবিআইৰ অভিযানৰ পিছত তেওঁ এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি স্পষ্ট ভাষাৰে কয়৷ চিছোদিয়াৰ অভিযোগৰ পিছতে কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে তেওঁৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে৷
বিজেপি নেতাজনে কয় যে যদিও মনীষ চিছোদিয়া আবকাৰী গোচৰৰ অভিযুক্ত, মুখ্য ব্যক্তি জন হৈছে অৰবিন্দ কেজৰিৱাল। ঠাকুৰে কয়, “মনীষ চিছোদিয়া আবকাৰী কেলেংকাৰীৰ অন্যতম মুখ্য অভিযুক্ত, কিন্তু অৰবিন্দ কেজৰিৱাল দুৰ্নীতিৰ মুখ্য মুৰব্বী। দুৰ্নীতিবোৰ ধৰা পৰি অহাৰ পিছত তেওঁৰ মুখখন শেঁতা হৈ পৰিছে। “
ইপিনে বিজেপিক তীব্ৰ আক্ৰমণ কৰি চিছোদিয়াই কয়, “নতুন আবকাৰী নীতিত কোনো কেলেংকাৰী হোৱা নাই। কেজৰিৱালৰ নেতৃত্বত দিল্লীৰ চৰকাৰে কৰা কাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি কাকতত প্ৰকাশ হৈছে। যদি কোনোবাই ভাল কাম কৰে, মোডীজীয়ে ভাল নাপায়, সেয়েহে ইডি, চিবিআই আদিৰ জৰিয়তে হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মই আপোনালোকক ক’ব পাৰোঁ যে দেশৰ ৰাইজে কেজৰিৱালক কেনেদৰে মৰম কৰিবলৈ আৰম্ভ কৰিছে সেয়া সকলোৱে দেখিছেই৷ কেজৰিৱাল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডীৰ বিৰুদ্ধে মুখ্য প্ৰতিদ্বন্দী হ’ব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডী বনাম কেজৰিৱালৰ যুঁজ হ’ব৷
চিছোদিয়াৰ সন্দৰ্ভত কৰা মন্তব্যৰ সন্দৰ্ভত ঠাকুৰে কয়, “অতীতত আম আদমী পাৰ্টীয়ে দীঘলীয়া ভাষণ দিছিল, কিন্তু দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত থিয় হ’ব নোৱাৰিলে। ‘
উল্লেখ্য কেজৰিৱাল চৰকাৰৰ নতুন আবকাৰী নীতিক লৈ যথেষ্ট হুলস্থূল হৈছিল৷ ফলত চৰকাৰেসেয়া প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে চৰকাৰৰ আবকাৰী নীতিক লৈ বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন কৰি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ফালে পোনপটীয়াকৈ আঙুলি টোৱাইছিল।
চিছোদিয়াই কয়, “এয়া দেশৰ সকলো ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আবকাৰী নীতি আছিল। লেফটেনেণ্ট গভৰ্ণৰৰ ষড়যন্ত্ৰৰ বাবে এই নীতি প্ৰত্যাহাৰ কৰা হৈছে। যদি এই নীতি কাৰ্যকৰী কৰা হয়, চৰকাৰে বছৰি ১০,০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিলেহেঁতেন। “