NORTHEAST NOW (Assamese)

কৃষি বিধেয়ক বিৰোধিতাৰে ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়ালে অনুসূচিত জাতি ছাত্ৰ সন্থাই

September 24, 2020 8:35 pm · এন ই নাও নিউজ

“নাঙল যাৰ মাটি তাৰ।” ভাৰতবৰ্ষৰ কৃষি খণ্ড পুঁজিপতি গোষ্ঠীৰ হাতত গটাই দিয়া কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

সন্থাৰ সভাপতি পৰমানন্দ দাস আৰু সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে কৃষক সকলক ভাতে মৰাৰ চেষ্টা কৰিছে। ভাৰতৰ কৃষকসকলক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

প্ৰকৃততে বৰ্তমানৰ চৰকাৰখনে পূজিপতিৰ স্বাৰ্থত কাম কৰিছে। সাধাৰণ জনতা তথা কৃষকসকলৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰখনৰ কোনোধৰণ সদিচ্ছা নাই।

চৰকাৰখনে শেহতীয়াকৈ যি কৃষি বিধেয়ক উপস্থাপন কৰিছে, সেই বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

ইয়াৰ লগতে অহা কালিলৈ অৰ্থাৎ ২৫ ছেপ্টেম্বৰ ২০২০ তাৰিখে সমগ্ৰ দেশতে এই বিধেয়কৰ বিৰুদ্ধে যি আন্দোলন তথা ভাৰত বন্ধ কাৰ্য্যসূচী ঘোষণা কৰা হৈছে, উক্ত ভাৰত বন্ধ কাৰ্য্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে  সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

Related News