এন আৰ চিৰ শুনানি প্ৰক্ৰিয়াক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ : নাগৰিকক হাৰাশাস্তিৰ অভিযোগ

Assam NRC-excluded Gorkhas not to visit Foreigner's Tribunal

প্ৰতিনিধিত্বমূলক ফটো

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

এই সন্দৰ্ভত দেওবাৰে কংগ্ৰেছ বিধায়িনী দলৰ এটা প্ৰতিনিধি দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ দাখিল কৰে। তেওঁলোকে ৰাজ্যখনৰ বিভিন্ন স্থানত বহুলোকে অবাঞ্চিত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা উল্লেখ কৰি দাবী আৰু আপত্তিৰ শুনানি প্ৰক্ৰিয়াত ধৰ্মীয় তথা ভাষিক সংখ্যালঘুসকল বিশেষভাৱে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ কৰে।

উল্লেখযোগ্য যে বিগত সপ্তাহৰ পৰা কিছুমান নাগৰিকৰ বিৰুদ্ধে উত্থাপিত আপত্তি সন্দৰ্ভত ৰাজ্যৰ এনআৰচি কৰ্তৃপক্ষই শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপত্তি অনা ব্যক্তিজন শুনানিৰ সংশ্লিষ্ট স্থানত উপস্থিতি থাকিবলগীয়া হৈছে যদিও আপত্তিকাৰী অনুপস্থিত আছে আৰু আপত্তি প্ৰক্ৰিয়াৰ যথাযোগ্যতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে।

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অভিযোগ কৰে যে দাবী আৰু আপত্তিৰ বাবে শুনানি গ্ৰহণ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা লোকসকলক মাতি অনাৰ ফলত মানসিক, শাৰীৰিক তথা আৰ্থিক হাৰাশাস্তি ভূগিবলগীয়া হৈছে।

শইকীয়াই লগতে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে ইয়াৰ ৪ এপ্ৰিল, ২০১৯’ৰ নিৰ্দেশত ৰাজ্যিক সমন্বয়কগৰাকীক দাবী-আপত্তিৰ শুনানিৰ সময়ত শুনানিত উপস্থিত হ’বলগীয়া ব্যক্তিগৰাকীয়ে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল আৰু লগতে তেওঁলোকে যাতে বহু দূৰ ভ্ৰমণ কৰি আহিবলগীয়া নহয় সোয়াও নিশ্চিত কৰিবলৈ কৈছিল।

তেওঁ লগতে উল্লেখ কৰে যে আপত্তিকাৰী শুনানিত উপস্থিত নথকাই নহয়, তেওঁলোকৰ পৰিচয়ো প্ৰকাশ কৰা নাই।

শইকীয়াই লগতে কয় যে ধৰ্মীয় আৰু ভাষিক পৰিচয়ৰ ভিত্তিতনিৰীহ লোকক হাৰাশাস্তি কৰাৰ বাবেই কিছুমান ন্যস্ত স্বাৰ্থজড়িত শক্তিয়ে এইদৰে ভুৱা আপত্তি দাখিল কৰাৰ বাতৰি প্ৰকাশ পাইছে।