• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণৰ সময়ত অসম চৰকাৰৰ ভুমিকাক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2021 5:18 pm
WhatsApp-Image-2020-07-28-at-5.32.45-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আমি চৰকাৰক আহ্বান জনাও, কোভিড-১৯ ৰ ক্ষেত্ৰত চৰকাৰ অধিক সচেতন হোৱা প্ৰয়োজন। চৰকাৰে লোৱা ভূমিকাত আমি শংকিত। প্ৰতিদিনে তিনি লাখ লোকক ভেকচিন দিয়া হ’ব বুলি ঘোষণা কৰা চৰকাৰ খনে কালি এক হাজাৰ লোককো ভেকচিন দিব নোৱাৰিলে।‘’

ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে এইদৰে অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছে।

Apply Now

প্ৰদেশ কংগ্ৰেছ মঙলবাৰে জাৰি কৰা এক বিবৃতিত কয়, ‘’সর্বত্রে ভেকচিনৰ খেলিমেলি পোহৰলৈ আহি আছে। প্রথম পালি ভেকচিন লোৱা লোকক পুনৰ প্রথম পালি ভেকচিন প্ৰদান কৰি জনসমাজত এক সংশয়ৰ বাতাবৰণ আনি দিছে, কিন্তু স্বাস্থ্য বিভাগ মৌন। ইয়াৰ উপৰিও কোভিড-১৯ত সন্ত্রষ্ট হৈ মানুহে ভেকচিন ল’বলৈ কেন্দ্ৰসমূহত ভিৰ কৰিছে, কিন্তু ভেকচিন দিব নোৱাৰি প্ৰশাসনৰ হতুৱাই আৰক্ষীৰ দ্বাৰা ভেকচিনৰ আশাত অহা লোকক খেদি পঠাইছে, খবৰ অনুসৰি শিলচৰ, লামডিং আদি ঠাইত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে।‘’

জীৱনৰ তাড়ণাত, আত্মীয় স্বজনক হেৰুৱাই জীৱন ৰক্ষা পোৱাৰ আশাত ভেকচিন ল’বলৈ অহা লোকৰ ওপৰত কৰা এনে কাৰ্য অমানৱীয় বুলি উল্লেখ কৰি এনে মানব অধিকাৰ ভংগ কৰা কাৰ্যক কংগ্ৰেছ দলে গৰিহণা দিয়ে।

নীতি আয়োগৰ প্ৰতিবেদনত অসমৰ স্বাস্থ্য খণ্ডৰ নিম্ন মানদণ্ডৰ তথ্য উন্মোচন হোৱাৰ পাছতো চৰকাৰে এই খণ্ডত উন্নয়নৰ কি পদক্ষেপ ল’লে সেয়া কার্য ক্ষেত্ৰত প্ৰকাশ কৰি জনতাক আস্বস্ত কৰাৰ দাবী তুলিছে প্ৰদেশ কংগ্ৰেছে।

বিবৃতিটোৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কোভিডৰ তৃতীয় ঢৌৰ কথা প্ৰচাৰ হৈ থকা সময়ত অসমত এতিয়াও কিয় ভেকচিন দিয়াৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ লোৱা হোৱা নাই তাক চৰকাৰে স্পষ্ট কৰাৰ লগতে জনতাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈও আহ্বান জনাইছে।

কংগ্ৰেছৰ অভিযোগ যে কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণ অব্যাহত থকা অৱস্থাত অসম চৰকাৰে যেন বিজ্ঞপ্তি আৰু সংবাদ মাধ্যমত মন্তব্য দিয়ে নিজৰ দায়িত্ব সামৰাৰ অভ্যাস কৰিছে।

দিনে দিনে কোভিড-১৯ত মানুহৰ মৃত্যু হৈ থকাৰ সময়তে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২ জন কোভিড-১৯ আক্ৰান্ত লোকৰ কৰুণ মৃত্যুৰ কথা উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে সততে হস্পিতালত চাডেন ভিজিট দিয়া মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোভিড-১৯ৰ ক্ষেত্ৰত স্বাস্থ্য খণ্ডক সক্ৰিয় কৰিব নোৱাৰাটো অতি পৰিতাপৰ আৰু লজ্জাজনক বিষয় হৈ পৰিছে।

‘’যোৱা নিশা ১.৩০ বজাত খোদ স্বাস্থ্যমন্ত্ৰীয়ে দেখিছে GMCH ত কিদৰে দুৰ্ভগীয়া ৰোগী মৃত্যু মুখত পৰে। ৰাজ্যৰ ৰাজধানী চহৰত অবস্থিত, চিকিৎসাৰ সকলো সুবিধা উপলব্ধ বুলি খোদ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈ থকা GMCH তে যদি এইদৰে ২৪ ঘণ্টাৰ ভিতৰত ১২ জন লোকৰ মৃত্যু হয়, তেনেহলে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অবস্থা এতিয়াও কিমান নিম্নমানৰ হৈ আছে সেয়া সকলোৱে জানিব,‘’-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে অভিযোগ কৰে কংগ্ৰেছে।

স্বাস্থ্য মন্ত্ৰী আৰু দীৰ্ঘদিন স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বৰ্তমানৰ মূখ্যমন্ত্ৰীক সচা অৰ্থত স্বাস্থ্য খণ্ডত উন্নয়ন আনি মানুহক নিশ্চয়তা প্ৰদান কৰিবলৈ আহ্বান জনাই বিবৃতিটোত কোৱা হৈছে ‘’অন্যথা সংবাদ মাধ্যমত প্ৰচাৰ কৰা উন্নয়নক সাধাৰণ জনতাই সাধাৰণ বিজ্ঞাপন বুলি কবলৈ বাধ্য হব।‘’

কংগ্ৰেছ দলে লগতে GMCH ত এদিনতে ১২ জন লোকৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰি এক উচ্চস্তৰীয় তদন্ত বিচাৰিছে।

প্ৰদেশ কংগ্ৰেছৰ দাবী ‘’দেশৰ পাঁচ খন উন্নত ৰাজ্যৰ তালিকাত আমাৰ ৰাজ্যৰ নাম তালিকাভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীয়ে প্ৰথমে স্বাস্থ্য খণ্ডৰ সঁচা উন্নয়ন সাধন কৰক আৰু নিজে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd