DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণৰ সময়ত অসম চৰকাৰৰ ভুমিকাক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2021 5:18 pm
WhatsApp-Image-2020-07-28-at-5.32.45-PM
237
VIEWS
Share on FacebookShare on Twitter

‘’আমি চৰকাৰক আহ্বান জনাও, কোভিড-১৯ ৰ ক্ষেত্ৰত চৰকাৰ অধিক সচেতন হোৱা প্ৰয়োজন। চৰকাৰে লোৱা ভূমিকাত আমি শংকিত। প্ৰতিদিনে তিনি লাখ লোকক ভেকচিন দিয়া হ’ব বুলি ঘোষণা কৰা চৰকাৰ খনে কালি এক হাজাৰ লোককো ভেকচিন দিব নোৱাৰিলে।‘’

ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে এইদৰে অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছ মঙলবাৰে জাৰি কৰা এক বিবৃতিত কয়, ‘’সর্বত্রে ভেকচিনৰ খেলিমেলি পোহৰলৈ আহি আছে। প্রথম পালি ভেকচিন লোৱা লোকক পুনৰ প্রথম পালি ভেকচিন প্ৰদান কৰি জনসমাজত এক সংশয়ৰ বাতাবৰণ আনি দিছে, কিন্তু স্বাস্থ্য বিভাগ মৌন। ইয়াৰ উপৰিও কোভিড-১৯ত সন্ত্রষ্ট হৈ মানুহে ভেকচিন ল’বলৈ কেন্দ্ৰসমূহত ভিৰ কৰিছে, কিন্তু ভেকচিন দিব নোৱাৰি প্ৰশাসনৰ হতুৱাই আৰক্ষীৰ দ্বাৰা ভেকচিনৰ আশাত অহা লোকক খেদি পঠাইছে, খবৰ অনুসৰি শিলচৰ, লামডিং আদি ঠাইত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে।‘’

জীৱনৰ তাড়ণাত, আত্মীয় স্বজনক হেৰুৱাই জীৱন ৰক্ষা পোৱাৰ আশাত ভেকচিন ল’বলৈ অহা লোকৰ ওপৰত কৰা এনে কাৰ্য অমানৱীয় বুলি উল্লেখ কৰি এনে মানব অধিকাৰ ভংগ কৰা কাৰ্যক কংগ্ৰেছ দলে গৰিহণা দিয়ে।

নীতি আয়োগৰ প্ৰতিবেদনত অসমৰ স্বাস্থ্য খণ্ডৰ নিম্ন মানদণ্ডৰ তথ্য উন্মোচন হোৱাৰ পাছতো চৰকাৰে এই খণ্ডত উন্নয়নৰ কি পদক্ষেপ ল’লে সেয়া কার্য ক্ষেত্ৰত প্ৰকাশ কৰি জনতাক আস্বস্ত কৰাৰ দাবী তুলিছে প্ৰদেশ কংগ্ৰেছে।

বিবৃতিটোৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কোভিডৰ তৃতীয় ঢৌৰ কথা প্ৰচাৰ হৈ থকা সময়ত অসমত এতিয়াও কিয় ভেকচিন দিয়াৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ লোৱা হোৱা নাই তাক চৰকাৰে স্পষ্ট কৰাৰ লগতে জনতাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈও আহ্বান জনাইছে।

কংগ্ৰেছৰ অভিযোগ যে কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণ অব্যাহত থকা অৱস্থাত অসম চৰকাৰে যেন বিজ্ঞপ্তি আৰু সংবাদ মাধ্যমত মন্তব্য দিয়ে নিজৰ দায়িত্ব সামৰাৰ অভ্যাস কৰিছে।

দিনে দিনে কোভিড-১৯ত মানুহৰ মৃত্যু হৈ থকাৰ সময়তে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২ জন কোভিড-১৯ আক্ৰান্ত লোকৰ কৰুণ মৃত্যুৰ কথা উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে সততে হস্পিতালত চাডেন ভিজিট দিয়া মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোভিড-১৯ৰ ক্ষেত্ৰত স্বাস্থ্য খণ্ডক সক্ৰিয় কৰিব নোৱাৰাটো অতি পৰিতাপৰ আৰু লজ্জাজনক বিষয় হৈ পৰিছে।

‘’যোৱা নিশা ১.৩০ বজাত খোদ স্বাস্থ্যমন্ত্ৰীয়ে দেখিছে GMCH ত কিদৰে দুৰ্ভগীয়া ৰোগী মৃত্যু মুখত পৰে। ৰাজ্যৰ ৰাজধানী চহৰত অবস্থিত, চিকিৎসাৰ সকলো সুবিধা উপলব্ধ বুলি খোদ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈ থকা GMCH তে যদি এইদৰে ২৪ ঘণ্টাৰ ভিতৰত ১২ জন লোকৰ মৃত্যু হয়, তেনেহলে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অবস্থা এতিয়াও কিমান নিম্নমানৰ হৈ আছে সেয়া সকলোৱে জানিব,‘’-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে অভিযোগ কৰে কংগ্ৰেছে।

স্বাস্থ্য মন্ত্ৰী আৰু দীৰ্ঘদিন স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বৰ্তমানৰ মূখ্যমন্ত্ৰীক সচা অৰ্থত স্বাস্থ্য খণ্ডত উন্নয়ন আনি মানুহক নিশ্চয়তা প্ৰদান কৰিবলৈ আহ্বান জনাই বিবৃতিটোত কোৱা হৈছে ‘’অন্যথা সংবাদ মাধ্যমত প্ৰচাৰ কৰা উন্নয়নক সাধাৰণ জনতাই সাধাৰণ বিজ্ঞাপন বুলি কবলৈ বাধ্য হব।‘’

কংগ্ৰেছ দলে লগতে GMCH ত এদিনতে ১২ জন লোকৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰি এক উচ্চস্তৰীয় তদন্ত বিচাৰিছে।

প্ৰদেশ কংগ্ৰেছৰ দাবী ‘’দেশৰ পাঁচ খন উন্নত ৰাজ্যৰ তালিকাত আমাৰ ৰাজ্যৰ নাম তালিকাভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীয়ে প্ৰথমে স্বাস্থ্য খণ্ডৰ সঁচা উন্নয়ন সাধন কৰক আৰু নিজে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক।‘’

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd