• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিছুদিন বিৰতিৰ পাছত পুনৰ আকৰ্ষণীয় ৰূপত অনিল-ৰকিৰ বাকযুদ্ধ

একেটা দিনতে এজনৰ পাছতে আন এজনৰ সংবাদমেল দি অভিযোগ-প্ৰত্যাভিযোগ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 9, 2019 5:05 pm

3 min read

Raki and Anil

প্ৰতিনিধিত্বমূলক ছবি।

1.2k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন বিৰতিৰ পিছত পুনৰ সমুখ সমৰলৈ আগ বাঢ়ি আহিছে কংগ্ৰেছী নেতা অনিল ৰাজা আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন। পুনৰ আৰম্ভ হৈছে সংবাদমেল দি এজনে আনজনৰ বিৰুদ্ধে অনা অভিযোগ-প্ৰত্যাভিযোগৰ পৰ্ব।

আজি ৰূপনগৰস্থিত নিজা বাসভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে অনিল ৰাজা। আনকি ৰকিবুল হুছেইন কোনো দিন কংগ্ৰেছী নাছিল বুলি কোৱাৰ উপৰি হুছেইনৰ মৃত পিতৃয়ে জিন্নাক সমৰ্থন কৰিছিল বুলি গুৰুতৰ অভিযোগ তোলে অনিল ৰাজাই।

“দলৰ কথা কিয় চিন্তা কৰিব ৰকিবুল হুছেইনে? কাৰণ ৰকিবুল হুছেইন কোনো দিনে কংগ্ৰেছীয়ে নাছিল। ৰকিবুল হুছেইনৰ পৰিয়ালে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে নেতৃত্ব দিয়া আন্দোলনৰ বিৰুদ্ধে আছিল। এই পৰিয়ালটো জিন্না আৰু পাকিস্তানৰ সপক্ষে আছিল। ৰকিবুলৰ পিতৃ মুছলিম লীগত জড়িত আছিল আৰু জিন্নাৰ সমৰ্থক আছিল”, সংবাদমেলত ৰাজাই কয়।

তেওঁৰ মতে প্ৰাক্তন মন্ত্ৰীজন কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগতে পূৰ্বৰে পৰা সংঘাতত লিপ্ত হৈ আহিছে।

“ৰকিবুল হুছেইনৰ কাৰ লগত কাজিয়া নাই। হিমন্ত কংগ্ৰেছত থাকোতে তেওঁৰ লগ লাগি প্ৰদ্যুত বৰদলৈৰ বহুত অন্যায় কৰিছিল। তেওঁ ৰিপুন বৰা, ৱাজেদ আলী চৌধুৰীক অন্যায় কৰিছে আৰু মাজে-সময়ে তেওঁলোকৰ লগতো কাজিয়া লাগে।”, ৰাজাৰ দাবী।

তৰুণ গগৈৰ লগতো ৰকিবুল হুছেইনৰ সংঘাতৰ কথা বৰ্ণনা কৰি ৰাজাই কয়, “এবাৰ আছাম টকছ চেনেলত তৰুণ গগৈৰ সংবাদমেল লাইভ চলি থকা অৱস্থাত তেওঁ ষ্টুডিঅ’ত সোমাই গৈ এজন সাংবাদিকক কৈছিল তুমি যদি আৰু তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ লাইভ দেখুওৱা তোমাৰ চাকৰি খাই দিম।”

অনিল ৰাজাৰ এইবোৰ অভিযোগৰ উত্তৰ দিবলৈ এঘণ্টাৰ বেছি সময় নল’লে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে।

তেওঁ ততাতৈয়াকৈ নগাওঁ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে, য’ত বিধায়কজনে অনিল ৰাজাক কটাক্ষ কৰাৰ লগতে তেওঁ অনা অভিযোগবোৰৰ উত্তৰ দিয়ে।

“আমাৰ কংগ্ৰেছত থাকি বিজেপিৰ ভাষা ব্যৱহাৰ কৰি দুই-এজন বিজেপিৰ হৈ কাম কৰি থকা মানুহৰ ভাষাত তেওঁ কথা কৈছে। তেওঁ পুৰণি কংগ্ৰেছী বুলি কয়, দুবাৰ তিনিবাৰকৈ তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন খেলি ধৰাশায়ী হৈছিল। এতিয়া তেওঁ সাজি-কাচি আহিছে। বেচেৰা বহুত দিন অভাৱত আছিল।” নাম উল্লেখ নকৰাকৈ অনিল ৰাজাক কটাক্ষ হুছেইনৰ।

তাৰোপৰি, ৰকিবুল হুছেইনৰ পিতৃ ‘জিন্নাৰ সমৰ্থক’ আছিল বুলি অনা অভিযোগৰ উত্তৰ দি হুছেইনে কয়, “তেওঁ যিবোৰ সাম্প্ৰদায়িক কথা-বতৰা মোৰ বিৰুদ্ধে কৈছে, সেইবোৰ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে কৈছিল। ১৯৪৭-৪৮ চনত মোৰ দেউতা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। বহুতে কয় মোৰ দেউতা মন্ত্ৰীও আছিল, বিধায়কো আছিল। তেওঁ যেতিয়া নিৰ্দলীয় হিচাপে খেলিছিল তেওঁ তেতিয়া কংগ্ৰেছী আছিল নেকি? মোৰ দেউতা বিধায়ক, মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ আহি আমাৰ ঘৰতে বহি থাকে। তেওঁ পালে ভাল আৰু নাপালে বেয়া।”

ইপিনে, কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা বৃদ্ধি পোৱাৰ সময়তে অনিল ৰাজাই এইবোৰ অভিযোগ আনিছে বুলি সদৰী কৰি হুছেইনে কয়, “বিজেপি দলে এওঁৰ দৰে ৪২০ মানুহ বাছি উলিয়াই আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। বিজেপিৰ বিৰুদ্ধে যিদৰে সোচ্চাৰ হৈছো, সেইটো যাতে নকৰো আৰু বিজেপিৰ বিৰুদ্ধে কথাবিলাক কমকৈ কওঁ, তাৰেই ষড়যন্ত্ৰ এয়া।”

আনহাতে, কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগত ৰকিবুল হুছেইন পূৰ্বৰে পৰা সংঘাতত লিপ্ত হৈ আহিছিল বুলি ৰাজাই অনা অভিযোগ নস্যাৎ কৰে।

“মই তৰুণ গগৈৰ বিৰুদ্ধে আছিলো বুলি গছত গৰু উঠা কথা কয়। কংগ্ৰেছত কাজিয়া কৰি বিজেপিলৈ কংগ্ৰেছৰ নেতা যোৱাৰ সময়ত মই শিলৰ স্তম্ভৰ দৰে তৰুণ গগৈৰ ওচৰত আছিলো। ৰাইজে কয় তৰুণ গগৈৰ ওচৰত সেই সময়ত মই বা আমি নথকাহেঁতেন কংগ্ৰেছৰ বহু অপকাৰ হ’লহেঁতেন”, হুছেইনৰ মন্তব্য।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd