NORTHEAST NOW (Assamese)

কিছুদিন বিৰতিৰ পাছত পুনৰ আকৰ্ষণীয় ৰূপত অনিল-ৰকিৰ বাকযুদ্ধ

November 8, 2019 9:23 pm · কল্পজ্যোতি শইকীয়া
Updated: November 9, 2019 5:05 pm
প্ৰতিনিধিত্বমূলক ছবি।

কিছুদিন বিৰতিৰ পিছত পুনৰ সমুখ সমৰলৈ আগ বাঢ়ি আহিছে কংগ্ৰেছী নেতা অনিল ৰাজা আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন। পুনৰ আৰম্ভ হৈছে সংবাদমেল দি এজনে আনজনৰ বিৰুদ্ধে অনা অভিযোগ-প্ৰত্যাভিযোগৰ পৰ্ব।

আজি ৰূপনগৰস্থিত নিজা বাসভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে অনিল ৰাজা। আনকি ৰকিবুল হুছেইন কোনো দিন কংগ্ৰেছী নাছিল বুলি কোৱাৰ উপৰি হুছেইনৰ মৃত পিতৃয়ে জিন্নাক সমৰ্থন কৰিছিল বুলি গুৰুতৰ অভিযোগ তোলে অনিল ৰাজাই।

“দলৰ কথা কিয় চিন্তা কৰিব ৰকিবুল হুছেইনে? কাৰণ ৰকিবুল হুছেইন কোনো দিনে কংগ্ৰেছীয়ে নাছিল। ৰকিবুল হুছেইনৰ পৰিয়ালে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে নেতৃত্ব দিয়া আন্দোলনৰ বিৰুদ্ধে আছিল। এই পৰিয়ালটো জিন্না আৰু পাকিস্তানৰ সপক্ষে আছিল। ৰকিবুলৰ পিতৃ মুছলিম লীগত জড়িত আছিল আৰু জিন্নাৰ সমৰ্থক আছিল”, সংবাদমেলত ৰাজাই কয়।

তেওঁৰ মতে প্ৰাক্তন মন্ত্ৰীজন কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগতে পূৰ্বৰে পৰা সংঘাতত লিপ্ত হৈ আহিছে।

“ৰকিবুল হুছেইনৰ কাৰ লগত কাজিয়া নাই। হিমন্ত কংগ্ৰেছত থাকোতে তেওঁৰ লগ লাগি প্ৰদ্যুত বৰদলৈৰ বহুত অন্যায় কৰিছিল। তেওঁ ৰিপুন বৰা, ৱাজেদ আলী চৌধুৰীক অন্যায় কৰিছে আৰু মাজে-সময়ে তেওঁলোকৰ লগতো কাজিয়া লাগে।”, ৰাজাৰ দাবী।

তৰুণ গগৈৰ লগতো ৰকিবুল হুছেইনৰ সংঘাতৰ কথা বৰ্ণনা কৰি ৰাজাই কয়, “এবাৰ আছাম টকছ চেনেলত তৰুণ গগৈৰ সংবাদমেল লাইভ চলি থকা অৱস্থাত তেওঁ ষ্টুডিঅ’ত সোমাই গৈ এজন সাংবাদিকক কৈছিল তুমি যদি আৰু তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ লাইভ দেখুওৱা তোমাৰ চাকৰি খাই দিম।”

অনিল ৰাজাৰ এইবোৰ অভিযোগৰ উত্তৰ দিবলৈ এঘণ্টাৰ বেছি সময় নল’লে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে।

তেওঁ ততাতৈয়াকৈ নগাওঁ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে, য’ত বিধায়কজনে অনিল ৰাজাক কটাক্ষ কৰাৰ লগতে তেওঁ অনা অভিযোগবোৰৰ উত্তৰ দিয়ে।

“আমাৰ কংগ্ৰেছত থাকি বিজেপিৰ ভাষা ব্যৱহাৰ কৰি দুই-এজন বিজেপিৰ হৈ কাম কৰি থকা মানুহৰ ভাষাত তেওঁ কথা কৈছে। তেওঁ পুৰণি কংগ্ৰেছী বুলি কয়, দুবাৰ তিনিবাৰকৈ তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন খেলি ধৰাশায়ী হৈছিল। এতিয়া তেওঁ সাজি-কাচি আহিছে। বেচেৰা বহুত দিন অভাৱত আছিল।” নাম উল্লেখ নকৰাকৈ অনিল ৰাজাক কটাক্ষ হুছেইনৰ।

তাৰোপৰি, ৰকিবুল হুছেইনৰ পিতৃ ‘জিন্নাৰ সমৰ্থক’ আছিল বুলি অনা অভিযোগৰ উত্তৰ দি হুছেইনে কয়, “তেওঁ যিবোৰ সাম্প্ৰদায়িক কথা-বতৰা মোৰ বিৰুদ্ধে কৈছে, সেইবোৰ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে কৈছিল। ১৯৪৭-৪৮ চনত মোৰ দেউতা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। বহুতে কয় মোৰ দেউতা মন্ত্ৰীও আছিল, বিধায়কো আছিল। তেওঁ যেতিয়া নিৰ্দলীয় হিচাপে খেলিছিল তেওঁ তেতিয়া কংগ্ৰেছী আছিল নেকি? মোৰ দেউতা বিধায়ক, মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ আহি আমাৰ ঘৰতে বহি থাকে। তেওঁ পালে ভাল আৰু নাপালে বেয়া।”

ইপিনে, কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা বৃদ্ধি পোৱাৰ সময়তে অনিল ৰাজাই এইবোৰ অভিযোগ আনিছে বুলি সদৰী কৰি হুছেইনে কয়, “বিজেপি দলে এওঁৰ দৰে ৪২০ মানুহ বাছি উলিয়াই আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। বিজেপিৰ বিৰুদ্ধে যিদৰে সোচ্চাৰ হৈছো, সেইটো যাতে নকৰো আৰু বিজেপিৰ বিৰুদ্ধে কথাবিলাক কমকৈ কওঁ, তাৰেই ষড়যন্ত্ৰ এয়া।”

আনহাতে, কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগত ৰকিবুল হুছেইন পূৰ্বৰে পৰা সংঘাতত লিপ্ত হৈ আহিছিল বুলি ৰাজাই অনা অভিযোগ নস্যাৎ কৰে।

“মই তৰুণ গগৈৰ বিৰুদ্ধে আছিলো বুলি গছত গৰু উঠা কথা কয়। কংগ্ৰেছত কাজিয়া কৰি বিজেপিলৈ কংগ্ৰেছৰ নেতা যোৱাৰ সময়ত মই শিলৰ স্তম্ভৰ দৰে তৰুণ গগৈৰ ওচৰত আছিলো। ৰাইজে কয় তৰুণ গগৈৰ ওচৰত সেই সময়ত মই বা আমি নথকাহেঁতেন কংগ্ৰেছৰ বহু অপকাৰ হ’লহেঁতেন”, হুছেইনৰ মন্তব্য।

Related News