NORTHEAST NOW (Assamese)

এপিচিচিৰ সভাপতি ভূপেন বৰাক আটকঃ হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক আৰক্ষীৰ

December 20, 2024 1:11 pm ·
Updated: December 20, 2024 1:12 pm

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক। হাতীগাঁও থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বৰাক। ঘোঁৰামাৰাৰ পৰা দিছপুৰ অভিমুখে অহাৰ পথত আটক বৰাক আটক কৰা হয় উল্লেখ্য যে, দলীয় নেতা-কৰ্মীৰ সৈতে পদযাত্ৰা কৰি দিছপুৰলৈ আহি আছিল ভূপেন বৰা। বৰাৰ সৈতে আৰক্ষীয়ে আটক কৰিছে ৰিপুণ বৰাৰ লগতে কংগ্ৰেছৰ আন একাংশ কৰ্মীকো।

উল্লেখযোগ্য যে আজি অসম প্ৰদেশ কংগ্ৰেছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে ৰিপুণ বৰায়ো।

ইপিনে কংগ্ৰেছৰ এই প্ৰতিবাদ ৰুধিবলৈ সমগ্ৰ দিছপুৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল এই কংগ্ৰেছৰ পদযাত্ৰাৰ মাজতে আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ উপস্থিতিত আটক কৰা হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। বৰ্তমান দশম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হৈছে ভূপেন বৰাক।

Related News