• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰাৰ বিষক্ৰিয়াত বহু লোকৰ মৃত্যু : মুখ্য মন্ত্ৰী আৰু আবকাৰী মন্ত্ৰীৰ পদত্যাগ দাবী ৰিপুন বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2019 2:50 pm
12-07-18-Guwahati-APCC-president-Ripun-Bora-press-meet-1

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদেমল। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত বৃহস্পতিবাৰে নিশা বিষাক্ত চুলাই মদ পান কৰি বৰ্তমানলৈকে প্ৰায় ৯৯ জন চাহ শ্ৰমিকে মৃত্যুক সাবটি লোৱা ঘটনাৰ পাছতেই আজি ৰাজীৱ ভৱনত এক সংবাদমেলযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ দাবী তোলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

‘আবকাৰী বিভাগৰ এয়া চৰম বিফলতা। নৈতিক দায়িত্ব স্বীকাৰ কৰি বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পদত্যাগ কৰিব লাগে।‘ৰিপুন বৰাই এইদৰে সংবাদমেলত কয়।

Apply Now

তদুপৰি, কেৱল দুজন আবকাৰী বিষয়াক বৰ্খাস্ত কৰিয়েই শুক্লবৈদ্যই দায় সাৰিব বিচাৰিছে বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে বৰাই।

আনহাতে, মুখ্য মন্ত্ৰীয়েও পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ৪৮ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মুখ্য মন্ত্ৰীৰো পদত্যাগৰ দাবী তোলে ৰিপুন বৰাই।

স্বাধীনতাৰ পাছত গোলাঘাটত সংঘটিত হোৱাৰ দৰে ঘটনা অসমত কেতিয়াও সংঘটিত হোৱা নাছিল বুলি সংবাদমেলত দাবী কৰে বৰাই। তেওঁ অসমত সুৰা নিষিদ্ধ কৰাৰ বাবেও আহ্বান জনায়।

‘বিষাক্ত সুৰা সেৱন কৰি ইমানসংখ্যক লোক পূৰ্বতে এনেধৰণে মৃত্যুমুখত পৰা নাছিল।‘ ৰিপুন বৰাই এইদৰে কয়।

ইপিনে, বিজেপি চৰকাৰৰ দিনতেই এয়াই প্ৰথম লজ্জাজনক আৰু ঘৃণনীয় ঘটনা সংঘটিত হৈছে বুলি ৰাজ্য চৰকাৰক কটাক্ষ কৰে বৰাই।

তাৎপয্যপূৰ্ণভাৱে, গোলাঘাটৰ শালমৰা চাহবাগিছাত সংঘটিত ঘটনাৰ ন্যায়িক তদন্ত বিচাৰিছে প্ৰদেশ কংগ্ৰেছে। মুখ্য মন্ত্ৰীয়ে আজি ঘোষণা কৰা তদন্ত গতানুগতিক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ইপিনে, গোলাঘাট জিলাত সংঘটিত এনে মৰ্মান্তিক ঘটনাৰ সময়তে বিজেপিৰ মন্ত্ৰী- বিধায়ক ডিব্ৰুগড়ত চলি থকা ‘কাচা-সোণা’ উৎসৱত ব্যস্ত হৈ থকা কথাটো চৰম দুৰ্ভাগ্যজনক আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

‘এনে এক মৰ্মান্তিক ঘটনাৰ মুহুৰ্তত অনুষ্ঠানৰ কাৰ্য্যসূচী স্থগিত ৰাখিব লাগিছিল বিজেপি চৰকাৰে।‘ এইদৰে সংবাদমেলত বৰাই কয়।

আনহাতে, বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাবটি লোৱাসকল বিজেপিৰ চাহ জনগোষ্ঠীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী আৰু অন্যান্য নেতাসকলৰ ভাতৃ-ভগ্নী নহয় নেকি? বুলি প্ৰশ্ন কৰি বৰাই লগতে তেওঁলোকে বৰ্তমানলৈকে তেওঁলোকৰ খবৰ ল’বলৈ যোৱা নাই কিয়? বুলিও প্ৰশ্ন কৰে।

অৱশ্যে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰব গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অজন্তা নেওগ আৰু বিস্মিতা গগৈকে ধৰি অন্য বহুকেইজন নেতাই আজি পুৱা মৃতকৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে বুলি সংবাদমেলত বৰাই সদৰী কৰে।

ইপিনে, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই চাহ বাগিছা অধ্যুষিত অঞ্চলত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা হেতুকে এই ঘটনা বিৰোধীয়ে সংঘটিত কৰা বুলি অভিযোগ আনিছিল। শইকীয়াৰ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু গৰিহনাৰ যোগ্য বুলি সংবাদমেলত উল্লেখ কৰে ৰিপুন বৰাই।

‘বিধায়ক মৃণাল শইকীয়াই ২৪ ঘন্টাৰ ভিতৰত বিৰোধীৰ বিৰুদ্ধে অনা তথ্য ৰাজহুৱা কৰক অনথ্যা ৰাজহুৱা জীৱন ত্যাগ কৰক।‘ শইকীয়াৰ প্ৰতি সংবাদমেলত এই প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd