‘শিখা শৰ্মাক সামাজিক মাধ্যমত গণধৰ্ষণ কৰিম কোৱা বিজেপিৰ সমৰ্থকক কিয় গ্ৰেপ্তাৰ কৰা নাই?’ ৰিপুণ বৰা
বীৰ শ্বহীদক লৈ ফেচবুকত অপমানসূচক মন্তব্য কৰি কাৰাগাৰৰ আলহী হোৱা শিখা শৰ্মাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
আজি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাক লৈও মন্তব্য কৰে।
“শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাক লৈ আমাৰ একো ক’বলগীয়া নাই কিয়নো শ্বহীদ পৰিয়ালক উদ্দেশ্যি দিয়া মন্তব্যৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই বিষয়ত বিচাৰ আদালতে ল’ব। কিন্তু সামাজিক মাধ্যমত বিজেপিৰ সমৰ্থকে এগৰাকী মহিলাক গণ ধৰ্ষণ কৰিম বুলি কোৱাসকলক কিয় চৰকাৰে এতিয়া লৈকে গ্ৰেপ্তাৰ কৰা নাই?”
“মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লোৱাটো উচিত।” বৰাই লগতে কয়।
আনহাতে এই সংবাদমেলতে সভাপতি ৰিপুণ বৰাই পীযুষ হাজৰিকাক উদ্দেশ্যি কয় “শিখা শৰ্মাক যেনেকৈ এটা পোষ্টৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তেনেস্থলত পীযুষ হাজৰিকাই সংবাদ কৰ্মীক এনেকৈ ভয় ভাবুকি দিয়াটো এক প্ৰকাৰৰ attempt to murder।”