DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

নতুন উদ্যোগ আইন প্ৰত্যাহাৰ নকৰিলে গঢ়ি তোলা হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন : ৰিপুন বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 2, 2020 2:11 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

‍‘২৯ জুনত কেবিনেট বৈঠকৰ পিছতে অধ্যাদেশযোগে ঘোষণা কৰা নতুন উদ্যোগ নীতিয়ে অসমত জাতি-মাটি-ভেটি সৰ্বকালৰ বাবে কবৰ দিয়া হ’ল’, গহপুৰৰ নিজ বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

তেওঁ লগতে কয়, ‍‘এই নতুন উদ্যোগ আইনখনৰ আমি কংগ্ৰেছ দলে বিৰোধিতা কৰিছো৷ চৰকাৰে যদি এই নীতি প্ৰত্যাহাৰ নকৰে তেনেহ’লে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব’।

এই নতুন উদ্যোগ নীতিৰ ফলত য’তে ত’তে জধে মধে উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ফলত সামাজিক সুৰক্ষাৰ লগতে পৰিবেশ, জৈৱ বৈচিত্ৰ বিঘ্নিত হ’ব বুলি উল্লেখ কৰি বৰাই কয়, ‍‘এই উদ্যোগ নীতিৰ বাবে ভয়ানক কথা আমাৰ কৃষি ভূমি সংকুচিত হৈ আহিব৷ বানপানী গৰাখহনীয়াৰ ফলত আমাৰ কৃষি ভূমি কমি আহিছে৷ কিন্তু নতুন উদ্যোগ নীতি কোনো নিৰ্দেশনা নাই যে কৃষি ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব৷’

আনহাতে অসমত ব্ৰটিছৰ দিনত দ্যা আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন এক্ট ১৮৮৬ সেই আইনৰ আধাৰত আমাৰ ভূমি নীতি পৰিচালিত হৈ আছে বুলি উল্লেখ কৰি কয়, “কংগ্ৰেছ চৰকাৰে ২০১৫ চনত এখন নতুন ভূমি নীতি তৈয়াৰ কৰিছিল৷ সেই ভূমি নীতিত কোৱা হৈছিল কৃষি ভূমি শ্ৰেনী বিভাজন কৰি অকৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰিব৷ এই নতুন আধ্যাদেশৰ ফলত গোটেই আইন নসাৎ হৈ গ’ল”৷

এনে ধৰণৰ গুৰুত্বপূৰ্ন এখন আইন বিধান সভাত বিধায়ক সকলৰ মতে আলোচনা কৰি গৃহিত কৰিব লগে৷ ইমান খৰখেদাকৈ এইখন গৃহিত কৰাৰ কি প্ৰয়োজন আছিল প্ৰশ্ন কৰে বৰাই আৰু কয়, ‍‘‍‘বিজেপি চৰকাৰৰ আচল স্বৰূপ এয়াই ৷ পূজিপতিক সুবিধা দিবৰ বাবে অসমৰ জাতি মাটি ভেটিক কবৰ দিব “৷

ইপিনে অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত দাখিল কৰা অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদনৰ মতে অসমৰ কৃষিভূমিত কোনো বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব। অথাৎ অসমৰ ভূমি অধিকাৰ স্থানীয় খিলঞ্জীয়াৰ হাতত ন্যস্ত থাকিব। কিন্তু সেই প্ৰতিবেদন যোৱা চাৰি মাহ উকলি যোৱা পিছতো কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা আঁৰত আছিল এই উদ্যোগ নীতি-সন্দেহ ব্যক্ত কৰে সভাপতি বৰাই ৷

ইফালে বিজেপিয়ে নিজেই কৰ’না সংক্ৰমনৰ ব্যৱস্থা কৰিছে  লকডাউন ভংগ কৰিছে বুলি উল্লেখ কৰাৰ লগতে  ৰনজিৎ দাসক কোৱাৰেন্টাইন কৰা সন্দৰ্ভত সমালোচনা কৰে বৰাই ৷

কৰ’না সংক্ৰমন কোনে কৰিছে বুলি প্ৰশ্ন কৰি বৰাই কয় ” নাৰায়ন ডেকা কৰ’না আক্ৰান্ত হ’ল কিন্তু সেই নাৰায়ন ডেকাই কৰ’না বিজানু লৈয়ে ২১ জুন,২৪ জুন আৰু ২৮ জুনত এই তিনিটা দিনত বৰক্ষেত্ৰীত ডাঙৰ ডাঙৰ সভা পাতিছে ৷ সাৱধানতা নলোৱাৰ ফলত ব্যপক সংক্ৰমন হৈছে’’।

সংবাদমেলত বৰাই বিজেপিৰ জনসম্পৰ্ক অভিযানকো কঠোৰ সমালোচনা কৰে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd